ৰাছিয়ান-ব্ৰিটিছ ছ’চি আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ছবি ‘ব্ৰিজ’ৰ সুখ্যাতি অর্জন

Pc- The sentinel assam

ৰাছিয়ান-ব্ৰিটিছ ছ’চি আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ছবি ‘ব্ৰিজ’ৰ সুখ্যাতি অর্জন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ অলিম্পিক চহৰ ছ’চিত অনুষ্ঠিত ৰাছিয়ান-ব্ৰিটিছ ছ’চি আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ছবি ‘ব্ৰিজ’-এ সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ পৰিচালক কৃপাল কলিতাই শ্রেষ্ঠ নৱাগত পৰিচালক আৰু মূল চৰিত্ৰত অভিনয় কৰা শিৱাৰাণী কলিতাই শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। এই ছবিখনে ইয়াৰ পূর্বেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ছবি মহোৎসৱত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল।ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে প্রযোজনা কৰা ‘ব্রিজ’ ৩৭খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে। সেইদৰে ৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত বঁটা লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে এই ছবিখনে। গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত সামাজিক বিষয়ত শ্রেষ্ঠ ছবি আৰু ১৬সংখ্যক ত্ৰিশুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাই পৰিচালনা কৰা এই ছবিখন সম্পাদনা কৰিছে কিশোৰ ডেকাই। অহা ৪ ফেব্ৰুৱাৰীত এই ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব।