আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত বৈঠক অনুষ্ঠিত

Pc- Hindustan times

আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত বৈঠক অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত ভাৰতসহ ৮ ৰাষ্ট্ৰৰ নিৰাপত্তা ৰাষ্ট্ৰীয় উপদেষ্টাসহ আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয়।ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আঁত ধৰা এই বৈঠকত আফগানিস্তান সন্দৰ্ভত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ৰাছিয়া, ইৰান, কাজাখস্তান, কির্গিস্তান, তাজিকিস্তান, তুর্কেমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই অংশ লোৱা নতুন দিল্লীত অনুষ্ঠিত হোৱা আফগানিস্তানৰ পৰিস্থিতিক লৈ বৈঠকত আফগানিস্তানৰ ভূমি সন্ত্রাসবাদীৰ কাৰ্যকলাপ কিম্বা সন্ত্রাসবাদৰ কাৰণে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা পত্র গৃহীত কৰে।পাকিস্তানৰ নাম নোলোৱাকৈ বৈঠকত আফগানিস্তান চৰকাৰ পৰিচালনাত পাকিস্তানক হস্তক্ষেপ নকৰিলৈ আহ্বান জনায়। আফগানিস্তানত শিশু আৰু মহিলাৰ অধিকাৰ যাতে খর্ব নহয় তাৰ বাবে আঠ ৰাষ্ট্ৰই বৈঠকযোগে শাসকক আহ্বান জনায়।এই বৈঠকতেই ২০২২ চনত পুনৰ দেশকেইখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকল বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।