২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা
ৰঙিলী বাৰ্ত্তাসেৱা- ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা। ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব প্ৰবৃত্তি। ২৬ জুনত হ’ব নিবৃত্তি। ইতিমধ্যে অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিবছৰৰ দৰে এই বছৰো ভক্তৰ সা–সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হ’ব সুন্দৰ ব্যৱস্থা। কোনো ভক্তই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে চলাইছে প্ৰস্তুতি। উল্লেখযোগ্য মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু। ভক্তসকলৰ থকা–খোৱাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰা হয় বিশেষ ব্যৱস্থা। এইবাৰো ভক্তৰ বাবে নিৰ্মাণ কৰা হ’ব কেম্প। ২২ জুনৰ নিশা ২.৩০ বাজিত ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি উপলক্ষে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত ২৬ জুনৰ নিবৃত্তি উপলক্ষে যাৱতীয় পূজা–অৰ্চনাৰ পিছত খোল খাব মন্দিৰৰ দুৱাৰ।