২০২২ত  বৰাকত কর্কট হাস্পতাল নিৰ্মাণ

pc NDTV

 ২০২২ত  বৰাকত কর্কট হাস্পতাল নিৰ্মাণ

অনলাইন বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাছাৰ জিলা ভ্ৰমণ সামৰি শিলচৰৰ  আৱৰ্ত ভৱনত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে দূৰ্গাপূজাৰ পাছত বৰাকত মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হʼব।  এই কামৰ নিবিদা ২৪ ছেপ্টম্বৰত হʼব। ইয়াৰ বাবে চৰকাৰে ২১৬ কোটি টকা মঞ্জুৰ কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই গুৱাহাটীৰ দৰে শিলচৰ চহৰকো বৰ্ধিত কৰাৰ কথা উল্লেখ কৰি কয় যে শিলচৰৰ উপায়ুক্তৰ কাৰ্যালয়টো চহৰৰ বাহিৰলৈ লৈ যোৱা হ’ব। উপায়ুক্তৰ কাৰ্যালয়, আৱৰ্ত ভৱনকে ধৰি সংলগ্ন বিভাগসমূহক লৈ এই কাৰ্যালয়টো এটা ইণ্টিগ্রেটেড কাৰ্যালয়লৈ ৰূপান্তৰ কৰিবলৈ ৫০ কোটি টকা ধার্য কৰা হৈছে। ইয়াৰ বাবে উপায়ুক্তক ১০ বিঘা মাটি আবণ্টন দিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা বছৰ পূজাৰ আগে আগে শিলচৰ কেঞ্চাৰ হাস্পতালখনো সম্পূৰ্ণ হৈ উঠিব আৰু তাত অত্যাধুনিক লাইনাক মেচিন সংস্থাপন কৰা হ’ব। শিলচৰ মেডিকেল কলেজতো কেথলেব সংস্থাপিত কৰা হ’ব। একেদৰে অঞ্চলটোত নির্মীয়মাণ ৫০০খন বিছনাযুক্ত হাস্পতালখনৰ কামো অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। গুৱাহাটীৰ দৰে শিলচৰ আৰু ডিব্ৰুগড় চহৰ দুখনো পৌৰ নিগমলৈ উন্নীত কৰা হ’ব। মুখ্যমন্ত্ৰী ড° শৰ্মাই আৰু কয় যে শিলচৰৰ ৰাসিৰখাৰীত এখন উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। পর্যটন বিভাগে  ঐতিহ্যমণ্ডিত ভুবন পাহাৰৰ উন্নয়নৰ বাবে  ১০ কোটি টকা ধার্য কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ধলাইৰ পৰা ভুবন তীৰ্থলৈ পথ নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগক প্রাক্কলন যুগুতাবলৈ দিয়া হৈছে।