১৯ কোটি ৬৯ লাখ টকাৰ সামগ্ৰী ‘অসমী চৰচ মেলা – ২০২৪’ ত বিক্ৰী কৰি অভিলেখ স্থাপন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ‘অসমী চৰচ মেলা – ২০২৪’ ১৫ ডিচেম্বৰ তাৰিখে সফলতাৰে অন্ত পৰে ৷ বিগত বৰ্ষত এই চৰচ মেলাত বিক্ৰীৰ পৰিমাণ আছিল ৮ কোটি ৭৪ লাখ টকা ৷ যাৰ তুলনাত এই বৰ্ষত বিক্ৰীৰ পৰিমাণ ১০০% তকৈও অধিক বৃদ্ধি পাইছে ৷ এই অভূতপূৰ্ব সফলতাৰ বাবে বিভাগীয় মন্ত্ৰী হিচাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালক নিবেদন পাটোৱাৰী সহিতে সমূহ বিষয়া-কৰ্মচাৰীৰ লগতে মেলাত অংশগ্ৰহণকাৰী আত্মসহায়ক গোটসমূহক ধন্যবাদ জনায় মন্ত্ৰী ৰঞ্জিত দাসে৷ অন্যহাতে, এই মেলাতে লখিমপুৰ জিলাৰ পূৰ্ণিমা মহিলা আত্মসহায়ক গোটে একক ভাৱে ১ কোটি ৪ লাখ টকাৰ মূগা আৰু পাটৰ কাপোৰ বিক্ৰী কৰি অন্য এক নিদৰ্শন দাঙি ধৰিলে ৷ তাৰবাবে পূৰ্ণিমা মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক সম্বোধন কৰি সংবাদ মেলৰ জৰিয়তে আন্তৰিক শুভেচ্ছা জনায় ৷