হিমাচল প্ৰদেশ বিজেপিৰ ৫ জন বিদ্ৰোহী নেতাক ৬ বছৰৰ বাবে বহিষ্কাৰ

Pc India Today

হিমাচল প্ৰদেশ বিজেপিৰ ৫ জন বিদ্ৰোহী নেতাক ৬ বছৰৰ বাবে বহিষ্কাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- হিমাচল প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ চাৰিজন প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন ৰাজ্যিক উপ-সভাপতিক ছয় বছৰৰ বাবে দলৰ প্ৰাথমিক সদস্যপদৰ পৰা বহিষ্কাৰ কৰিছে। বহিষ্কৃত বিজেপি নেতাসকলে দলৰ মনোনীত সকলৰ বিৰুদ্ধে ৰাজ্যিক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। হিমাচল প্ৰদেশ বিজেপিয়ে এক বিবৃতি জাৰি কৰি কয় যে পাঁচজন বিদ্ৰোহী দলৰ নেতাক ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে। বহিষ্কৃত বিজেপি নেতাসকল হৈছে প্ৰাক্তন বিধায়ক তেজৱন্ত সিং নেগী, কিশোৰী লাল, মনোহৰ ধিমান, কে এল ঠাকুৰ আৰু বিজেপিৰ প্ৰাক্তন ৰাজ্যিক উপ-সভাপতি কৃপাল পাৰমাৰ।