স্মাৰ্ট চিটী প্ৰকল্পৰ সফলতাৰ সমীক্ষাত গুৱাহাটীৰ শোচনীয় প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া অসম তৃণমূল কংগ্ৰেছৰ 

স্মাৰ্ট চিটী প্ৰকল্পৰ সফলতাৰ সমীক্ষাত গুৱাহাটীৰ শোচনীয় প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া অসম তৃণমূল কংগ্ৰেছৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ‘ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কৰি আছে কি? আজি সকলোৰে মনত এই প্ৰশ্নই উত্থাপন হৈছে। বিগত সময়ছোৱাত স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাই কি জনমূৰি আয়, কি ৰাজহ সংগ্ৰহ সকলোতে অসমৰ শোচনীয় দিশ ওলাই পৰাৰ পাছত, এইবাৰ স্মাৰ্ট চিটী প্ৰকল্পৰ ক্ষেত্ৰতো তথৈবচ দিশ উন্মুক্ত হৈছে’, এইদৰে মন্তব্য কৰিছে অসম তৃণমূল কংগ্ৰেছে।এক বিবৃতিত দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়,’শেহতীয়াকৈ নেশ্যনেল স্মাৰ্ট চিটী এৱাৰ্ডৰ ২০২২ ৰ বাবে ১০০ স্মাৰ্ট চিটীৰ মাজত চলোৱা কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাই আকৌ এবাৰ উদঙাই দিলে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কৰ্মদক্ষতাৰ স্বৰূপ। অসমতকৈ পিছত আৰম্ভ হোৱা স্মাৰ্ট চিটী প্ৰকল্পৰ সফল ৰূপায়ণেৰে উত্তৰ পূবৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে ক’হিমা আৰু চিকিমৰ নামচি।অথচ বাহ্যিক দৃষ্টিত বিগ ব্ৰাদাৰ অসম। সেই বিগ ব্ৰাদাৰ এতিয়া সফলতাৰ সমীক্ষাত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যৰ লগত পৰাজিত হ’বলগীয়া হৈছে। কাৰণ এটাই অদক্ষতা আৰু উন্নয়নৰ প্ৰতি উদাসীনতা। ২০১৬ চনৰ পৰা গুৱাহাটীত আৰম্ভ হোৱা স্মাৰ্ট চিটী প্ৰকল্পৰ কোনো কামেই আগবঢ়া নাই। কেইখনমান অভাৰব্ৰীজ বনোৱা বা আলোকসজ্জাৰ চমক দেখুৱাকে সফলতা বুলি ফিটাহি মাৰি থাকিলেও সময়ৰ পৰীক্ষাত আচল স্বৰূপবোৰ এইদৰে ওলাই গৈ থাকিব। আৰু সকলোৰে মনত তেতিয়া বাৰে বাৰে প্ৰশ্ন উত্থাপন হ’ব– চাৰিওফালে যদি বিফলতাৰ উপৰি বিফলতাৰ তথ্য, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেনেহ’লে কৰিছে কি?’