স্বাধীনতাৰ অমৃত মহোৎসব আৰু অন্তৰৰ অনুভব – ফখৰুদ্দিন আহমেদ

স্বাধীনতাৰ অমৃত মহোৎসব আৰু অন্তৰৰ অনুভব

   ফখৰুদ্দিন আহমেদ

      মহান মাতৃভুমি ভাৰতবৰ্ষই ইংৰাজ সকলৰ কবলৰ পৰা স্বাধীনতা লাভ কৰি চলিত ইং ২০২২ বৰ্ষত ৭৬ বছৰত ভৰি দিলে। স্বাধীনতা দিবসে হীৰক জয়ন্তী অতিক্ৰম কৰাৰ বাবে ভাৰত চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসব অনুষ্ঠিত কৰিবলৈ দেশৰ প্ৰতিটো পৰিয়াল , অনুষ্ঠান-প্ৰতিষ্ঠান , শিক্ষানুষ্ঠান , সামাজিক প্ৰতিষ্ঠান আদিক আহ্বান জনাইছে। অবশ্যে এই আহ্বানৰ প্ৰতি সকলোৱে সাৰ্বজনীন ভাবে সঁহাৰি দিয়াও পৰিলক্ষিত হৈছে।

          ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বিগত ৭৫ বছৰত বিশ্ব সম্প্ৰদায়ৰ মাজত লাভ কৰা স্বীকৃতি আৰু প্ৰভাব বাৰুকৈয়ে আদৰ্শনীয়। ৰাজনৈতিক দিশৰ পৰা পাৰমানবিক শক্তি আহৰণলৈ ভাৰতবৰ্ষই বিশ্বৰ প্ৰভাবশালী দেশ সমূহৰ মাজত স্থান লাভৰ ক্ষেত্ৰত বাৰুকৈয়ে সফলতা লাভ কৰিছে।

           এই স্বাধীনতা দিবসৰ উপলক্ষ্যত দেশক স্বাধীন কৰিবলৈ গৈ কৰা সংগ্ৰামী সকলৰ ত্যাগ আৰু প্ৰাণ আহুতি দিয়া কাৰ্যৰ স্মৰণ আৰু এই পৰিক্ৰমাৰ ইতিহাসক উত্তৰ প্ৰজন্মৰ বাবে আদৰ্শনীয় আৰু অনুকৰণীয় ৰূপত সংৰক্ষণ কৰাৰ নৈতিক দায়িত্ব সাম্প্ৰতিক সময়ৰ প্ৰজন্মৰ ওপৰত আহি পৰিছে।

        সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষক সাম্প্ৰদায়িক আৰু অৰ্থনৈতিক পৰিকাঠামোৰ বিধ্বস্ততাই গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। মূৰ্ত উন্নয়ণ বহুত হৈছে যিবোৰে দেশৰ জনতাক সকাহ দিছে, বিশ্বৰ মানচিত্ৰত লগতে বিশ্ব সম্প্ৰদায়ৰ মাজত এক অনন্য স্থান অধিকাৰ কৰিছে। কিন্তু ভেদ ভাবৰ ৰাজনীতি আৰু অৰ্থনৈতিক ভাবে চৰকাৰে লোৱা বৈষম্যতাৰ বাবে দেশৰ আভ্যন্তৰীণ পৰিকাঠামোত আঘাত হোৱা দেশবাসীৰ দৃষ্টিত পৰিছে।

          দেশৰ উন্নয়ণৰ আভ্যন্তৰীণ পৰিকাঠামোৰ নিৰ্মাণত অৰিহনা যোগোৱা মূল দিশ দুটা হৈছে অসাম্প্ৰদায়িক সমাজ ব্যবস্থা আৰু অৰ্থনৈতিক স্বাধীনতা। ভাৰতবৰ্ষৰ জণ গণ এই দুটা দিশৰ ক্ষেত্ৰত বিশেষ সচেতন নহয়। বিজ্ঞানে মানব সভ্যতাক বহু ওপৰলৈ লৈ যোৱাৰ সময়ত ভাৰতবৰ্ষত ধৰ্মৰ গইনা লৈ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈ মানুহ মৃত্যু মুখত পতিত হৈছে। ইং ১৯৪৭ চনৰ ১৫ আগষ্ট অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ দিনা এক ডলাৰৰ মূল্য ভাৰতীয় টকাৰ হিচাপত এক টকাৰ সমান আছিল।কিন্তু দেশে স্বাধীনতাৰ হীৰক জয়ন্তী পালন কৰি থকাৰ সময়ত ডলাৰ মূল্যৰ হিচাপত ভাৰতীয় টকাৰ মূল্য বহুত তললৈ নামিছে। সেয়া এক ডলাৰৰ মূল্য ভাৰতীয় টকাৰ মূল্য প্ৰায় আশী টকাৰ সমান হৈছে গৈ।

        স্বাধীনতাৰ অমৃত মহোৎসবৰ ধামখুমীয়াত ভাৰতবাসীয়ে এইবোৰ দিশ পাহৰি নাইবা এৰাই চলিলে নহ’ব।প্ৰতিটো নেতিবাচক দিশৰ বাবে সাম্প্ৰতিক সময়ৰ চৰকাৰক দোষাৰোপ কৰিলেও নহ’ব। দেশৰ সু নাগৰিক হিচাপে সকলো ভাৰতবাসীয়ে যদিয়ে যত্ন কৰে তেন্তে ভাৰত বিশ্বৰ ভিতৰতে সকলো ক্ষেত্ৰতে জিলিকি উঠিব।বিশ্ব বেংকৰ ৰেংকিঙত ভাৰত উন্নয়ণশীল দেশৰ পৰা তললৈ নামি অহা দিশটোও দেশবাসীৰ বাবে ভাল খবৰ নহয়।

          স্বাধীনতাৰ এনে সন্ধি ক্ষণত দেশত মূল্যবোধৰ ৰাজনীতি হেৰাই গৈছে। সদ্য মুহূৰ্তত দেশৰ ৰাজনীতি কেৱল শাসনৰ গাদী দখলৰ বাবেহে হৈ থকা কথাটো বেলিৰ পোহৰৰ দৰেই সত্য হিচাপে প্ৰকাশ হৈছে।

         যিখন দেশত ডঃ এ পি জে আব্দুল কালামৰ দৰে বিজ্ঞানীৰ জন্ম হৈছে , যি খন দেশত অমৰ্ত্য সেনৰ দৰে নবেল বঁটা বিজয়ী অৰ্থনীতিবিদৰ জন্ম হৈছে , যি খন দেশত ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ দৰে দাৰ্শনিক , শিক্ষাবিদৰ জন্ম হৈছে সেই খন দেশ কেতিয়াও কিছুমান স্বাৰ্থলোভী সৰ্বস্ব বৈশিষ্ট্যৰ মানুহৰ বাবে পিছ পৰি যাব এনে কথা কেতিয়াও নহয়।

         স্বাধীনতাৰ অমৃত মহোৎসব উপলক্ষ্যে হোৱা স্বাধীনতা সংগ্ৰাম আৰু সংগ্ৰামীৰ স্মৃতি ৰোমন্থনত পুনৰ দেশবাসী শান্তি , সম্প্ৰীতি আৰু সমণ্বয়ৰ ভাৰতবৰ্ষ গঢ়ি তুলিবলৈ নিশ্চয় অংগীকাৰবদ্ধ হ’ব। তেতিয়াহে হাজাৰ বছৰীয়া সভ্যতা , সংস্কৃতিৰ দেশ ভাৰতবৰ্ষ নিজ গুণে বিশ্বত জিলিকি থাকিবলৈ সক্ষম হ’ব।