আজাদী কা অমৃত মহোৎসৱ আমাৰ অনুভৱ- ডাঃ যুতিকা ওজা

আজাদী কা অমৃত মহোৎসৱ আমাৰ অনুভৱ

ডাঃ যুতিকা ওজা,

মুৰব্বী অধ্যাপিকা,

কমিউনিটি মেডিচিন বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

এইবাৰ ২০২২ চনৰ ১৫ আগষ্টত আমাৰ দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ পূৰ্ণ হ’ব। এই বৰ্ষটো আমাৰ বাবে এক ঐতিহাসিক বর্ষ । স্বাধীনতাৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আমি অতি গৌৰৱেৰে আৰু এক উৎসৱমুখৰ পৰিৱেশেৰে এইবাৰৰ স্বাধীনতা দিৱস পালন কৰিবলৈ লৈছো। আমাৰ গৌৰৱময় ইতিহাস স্মৰণ কৰি তথা আমাৰ সংস্কৃতি আৰু দেশৰ কৃতিত্ব সজীৱ কৰি স্বাধীনতাৰ স্মৃতি হিচাপে এইবাৰ “আজাদী কা অমৃত মহোৎসৱ” পালন কৰিছো যাতে আমাৰ সকলোৰে মনত স্বাধীনতাৰ বীৰসকলৰ কাহিনী সজীৱ কৰি তোলাত সহায়ক হয় আৰু দেশপ্রেমেৰে আমি সকলোৱে উদ্বুদ্ধ হও। এইছেগতে, যিসকল মহান ব্যক্তিৰ ঐকান্তিক প্রচেষ্টা আৰু বলিদানে ভাৰতবৰ্ষক বৃটিছৰ শিকলিৰ পৰা মুকলি কৰি স্বাধীনতাৰ সোৱাদ দিলে, সেই সকলোকে সশ্রদ্ধ প্ৰণিপাত জনাইছো ।

আজাদী কা অমৃত মহোৎসৱৰ লক্ষ্য হ’ল- স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম, তাৰ পৰৱৰ্তী এই ৭৫ বছৰৰ ধাৰণা, ৭৫ বছৰৰ দেশৰ কৃতিত্ব, কৰ্ম আৰু সংকল্পৰ ভিত্তিত ২০৪৭ চনত যেতিয়া আমাৰ দেশৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হ’ব, সেই নৱ ভাৰতৰ বাবে এক দৃষ্টিভংগীৰ সৃষ্টি কৰা আৰু নৱপ্ৰজন্মক ভাৰতৰ ইতিহাস আৰু স্বাধীনতা সংগ্ৰামৰ বিষয়ে সজাগ কৰা তথা সোঁৱৰাই দিয়া ।

এই মহা উৎসৱৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হৈছিল ১২ মাৰ্চ, ২০২১ চনত গুজৰাটৰ পৰা আৰু ৭৫ সপ্তাহ জুৰি চলিব লগীয়া এই উৎসৱ ১৫ আগষ্ট, ২০২২ লৈকে উৎযাপন কৰা হ’ব। ইয়াৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লোৱা হৈছে। তাৰ ভিতৰত আছে দেশপ্রেমমূলক গীতৰ প্ৰচাৰ, শোভাযাত্রা, দেশৰ উন্নতিৰ বাবে বিভিন্ন সভা, আলোচনা চক্র, দেশপ্রেমমূলক নাটক আদিৰ আয়োজন। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ “হৰ ঘৰ তিৰংগা” অভিযানৰ জৰিয়তে দেশখনৰ প্ৰতিটো ঘৰ, স্কুল, কলেজ, প্রতিষ্ঠান, সকলো যান বাহন আদিত আগষ্টৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ জাতীয় পতাকা উৰুৱাই দেশৰ এই গৌৰৱোজ্বল ইতিহাস সুৱৰিবলৈ উদগনি দিছে।

মহা মানৱ মহাত্মা গান্ধীৰ আহ্বানত দেশজুৰি চলা গণ আন্দোলনত সকলোৱে অশেষ কষ্ট স্বীকাৰ কৰিলে, বহুতো শ্বহীদ হ’ল, বহুতৰ তেজেৰে দেশৰ ভূমি ৰক্তাক্ত হ’ল। বহুতো ঘাত প্ৰতিঘাত আৰু বলিদানৰ ফলস্বৰূপে আমি স্বাধীনতা পালো। পৰৱৰ্তী এই ৭৫ বছৰতো আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো। তথাপিও আমি সকলো বাধা বিঘিনি নেওচি আগুৱাই গৈছো আৰু বৰ্তমান সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ এই উল্লেখনীয় দেশ হিচাপে পৰিগণিত হৈছে।

বিভিন্ন ধৰ্ম আৰু জাতি জনজাতিৰ সমষ্টি হ’ল এই বিশাল দেশ ভাৰত। বিভিন্ন প্ৰান্তৰ ভাষাও বেলেগ বেলেগ; তথাপিও অনৈক্যৰ মাজত ঐক্য হিচাপে আমি সকলো ভেদাভেদ নেওচি ঐক্যবদ্ধভাৱে আগুৱাইছো। দেশৰ স্বাধীনতাৰ ক্ষেত্ৰতো প্ৰতিটো প্ৰান্তৰ মানুহৰ অৱদান আছে। আমাৰ সভ্যতা, আমাৰ সংস্কৃতি অতি পুৰণি, সেইদৰে আমাৰ সমন্বয়ৰ ভেটিও অতি মজবুত।

বিগত ৭৫বছৰে ভাৰতে উন্নতি কৰিছে আৰু আজিও ইয়াৰ অবিৰত প্ৰচেষ্ট চলি আছে। সকলো পিনৰ পৰা যাতে দেশখন আৰু সমৃদ্ধিশালী হয়, তাৰবাবে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব । সামুহিক সংকল্প, সুনির্দিষ্ট পৰিকল্পনা আৰু প্ৰচেষ্টাৰে দেশত এক নতুন দিগন্তৰ সৃষ্টি কৰা আমাৰ সকলোৰে উদ্দেশ্য হ’ব লাগিব। ক্রমান্বয়ে ভাৰতবৰ্ষই অন্যতম শক্তিশালী দেশ হৈ বিশ্বগুৰু হিচাপে এক নতুন আত্মপ্ৰকাশৰ দিশে আগবাঢ়িছে। সমগ্ৰ বিশ্বই ভাৰতৰ এই অদম্য মনোভাৱ আৰু আশাব্যঞ্জক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিছে। বিশ্বৰ অন্যতম প্রাচীন সভ্যতা, জ্ঞানৰ কেন্দ্ৰ হোৱাৰ বাবে ভাৰতবৰ্ষ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক আৰু ৰাজনৈতিকভাৱে সবল আৰু ভাৰতবৰ্ষ মহানতা, অভিজ্ঞতাৰে পুষ্ট।

প্রত্যেক ব্যক্তি, গোট, সমাজ সকলোৱে নিজৰ ভূমিক পালন কৰি, সকলোৰে সহযোগত আমি বিশ্বৰ সন্মুখত ভাৰতবৰ্ষৰ গৌৰৱধ্বজা উৰুৱাম। এই “আজাদী কা অমৃত মহোৎসৱ’ৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মনত দেশপ্রেম জাগি উঠক, কর্তব্যনিষ্ঠা, সততা আৰু দক্ষতাৰে দেশৰ উন্নতিৰ বাবে সকলোৱে কাম কৰি যাওক তাৰেই কামনা কৰিছো। শেষত, আকৌ এবাৰ স্বাধীনতাৰ সকলো বীৰ বীৰাঙ্গনা আৰু শ্বহীদক প্ৰণিপাত জনাইছো।