স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণত সজাগতাৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে শিক্ষা গ্ৰহণত সুবিধা হোৱাকৈ শিশু সকলক কিছু সামগ্ৰী বিতৰণ কাৰ্যসূচী

স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণত সজাগতাৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে শিক্ষা গ্ৰহণত সুবিধা হোৱাকৈ শিশু সকলক কিছু সামগ্ৰী বিতৰণ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- স্বেচ্ছাসেৱী সংগঠন ইক্ষানাৰ উদ্যোগত, গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত গণেশপাৰা প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণত সজাগতাৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে শিক্ষা গ্ৰহণত সুবিধা হোৱাকৈ কিছু সামগ্ৰী বিতৰণ কৰাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল আৰু লগতে স্থানীয় নিমন্ত্ৰিত অতিথি সকল।দেৱান ধ্ৰুৱজ্যোতি মৰলে ইক্ষানা ছোচাইটিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী লখিমী বৰুৱাৰ প্ৰশংসা কৰে আৰু তেওঁলোকৰ এই প্ৰচেষ্টাক শলাগ জনায় । নিমন্ত্ৰিত অতিথি হিচাপে জিলা সংবাদ বিভাগৰ সদস্য বিদ্যুৎ বৰুৱাই নিজৰ মন্তব্যত কয় যে আজি পুনৰ শৈশৱলৈ উভতি যোৱা যেন অনুভৱ কৰিছে । শেষত ইক্ষানা ছোচাইটিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী লখিমী বৰুৱাই আটাইবোৰ নিমন্ত্ৰিত অতিথি সকলক  এই কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।