স্নিগ্ধ জোনাক
মানসী মিশ্ৰ
মই অহা যোৱা কৰা এই
চিনাকি বাটটোতেই এজাক
মলয়াই মোক কোবাই থৈ গল
আহ! কি যে অচিন ভাল লগা
কি যে অবুজ মাদকতা সকলোতেই
সেই চিনাকি উত্তাপে বাৰুকৈয়ে কোবাই
যায় মোৰ উশাহতো ,নিশাহতো
আৰু মোৰ ধমনীৰ শিৰাই শিৰাই দেখোন
বৈ যায় সেই চিনাকি পৰশ,মোৰ দুটি ওঠত
লাগি ধৰে ম ই নজনাকৈয়ে ,সেই চিনাকি হাঁহি
ভাঁহি উঠে সপোনত সেই চিনাকি মুখ
ও এয়া হয়তো তোমাৰ চিনাকি মুখ আৰু আৰু
নাকত লাগি অহা সেই সুঘ্ৰাণ ,এয়াওতো চিনাকি
এৰা ,হয়তো সময় এইদৰেই আহে আৰু যায়
কাৰোবাৰ বাবে সময় আহে এমোকোৰা হাঁহি হৈ
কাৰোবাৰ বাবে আহে বুকু ভৰা বেদনা লৈ