সোণাৰিৰ সাপেখাতিত ভয়ংকৰ পথ দূৰ্ঘটনা

Pc-The Indian express

সোণাৰিৰ সাপেখাতিত ভয়ংকৰ পথ দূৰ্ঘটনা

ঠিতাতে নিহত আঢ়ৈ বছৰীয়া কন্যাসহ মাতৃ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাপেখাতীৰ ঐতিহাসিক ধোদৰআলিৰ ধনেখনাৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুলিয়াজান টিপলিঙৰ পৰা AS 06 ,AB – 5212 নম্বৰৰ এখন হোণ্ডাই গ্ৰেণ্ড আই 10 গাড়ীৰে সাপেখাতীত বিয়া খাবলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত আঢ়ৈ বছৰীয়া কন্যা বেদস্মীতা সোনোৱাল সহ মাতৃ ভাগ্যলক্ষ্মী সোনোৱাল (২৩) নিহত । আন তিনিজন আৰোহী বিদ্যাধৰ সোনোৱাল , চিন্তূ ধাদুমীয়া আৰু পিংকী ধাদুমীয়া গুৰুতৰভাৱে আহত হয় । আহত তিনিওকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে । দুয়োটা পৰিয়ালে দুলিয়াজানৰ পৰা সাপেখাতীৰ এখন বিয়াত অংশগ্ৰহণ কৰিবলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।