সুৰঞ্জন চৌধুৰীৰ কাব্য সংকলন ‘সহজলভ্য’ উন্মোচন’

সুৰঞ্জন চৌধুৰীৰ কাব্য সংকলন ‘সহজলভ্য’ উন্মোচন’

অনলাইন বাৰ্ত্তাসেৱা– পঞ্চসপ্ততিতম স্বাধীনতা দিৱসৰ দিনটোত মহানগৰৰ ধীৰেণপাৰাত কবি সুৰঞ্জন চৌধুৰীৰ প্ৰথমখন কাব্য সংকলন ‘সহজলভ্য’ উন্মোচন কৰে ‘অসমীয়া খবৰ’ৰ জেষ্ঠ সাংবাদিক তথা অভিনেতা দিগন্ত কুমাৰ নাথে। সাম্প্ৰতিক সময়ত ইণ্টাৰনেটৰ মাধ্যমেৰে ব্যাপক হাৰত কবিতা গল্পকে ধৰি সাহিত্যৰ চৰ্চা হৈ থকাৰ বিষয়টো উল্লেখ কৰি উন্মোচনী ভাষণত নাথে কয় যে ইণ্টাৰনেটৰ এই সাহিত্য কেতিয়াও গ্রন্থ জগতৰ বিকল্প হ’ব নোৱাৰে। গ্ৰন্থৰ আমেজ গ্ৰন্থৰ মাজতহে বিচাৰি পোৱা যায়। সাংবাদিক নাথে বৰ্তমানৰ সময়ক তেজলগা সময় হিচাপে আখ্যা দিয়ে আৰু কয় যে প্ৰতিটো পুৱাই আপোন কোনোবাজনৰ বিদায়ৰ বাতৰি কঢ়িয়াই অনা কোভিড জৰ্জৰিত আজিৰ দুঃসময়ত সুৰঞ্জন চৌধুৰীৰ দৰে কবিয়ে কবিতাৰ মাধ্যমেৰে জীৱনৰ গান গোৱাটো নিসন্দেহে আদৰণীয়। সমাজত ৰেখাপাত কৰিব পৰা সফল সৃষ্টি প্ৰসৱৰ বাবে সপোন দেখিবলৈ তেওঁ গ্ৰন্থ প্রণেতা চৌধুৰী প্ৰমুখ্যে আন কবিসকলৰ প্ৰতি আহ্বান জনায়। গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন অধ্যক্ষ দেৱজিৎ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম বেংগলী ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাসে কবি চৌধুৰীৰ গ্ৰন্থ প্ৰকাশৰ এই প্রচেষ্টাই সাহিত্যপ্রেমীসকলক উৎসাহিত কৰিব বুলি আশা কৰে। বিশিষ্ট সমাজকর্মী কমল দেই আদৰণি ভাষণ দিয়া আৰু শলাগৰ শৰাই আগবঢ়োৱা সভাখনত সাংবাদিক ফাইজুৰ ৰহমান আৰু বিজেপিৰ দক্ষিণ গুৱাহাটী মণ্ডলৰ সভাপতি শক্তি সিং আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি চমু ভাষণ দিয়ে আৰু কবি চৌধুৰীৰ উত্তৰোওৰ উন্নতি কামনা কৰে। ইটানগৰ সুভাষপল্লী অংগনৱাড়ী কেন্দ্ৰ প্ৰাংগণত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে গ্ৰন্থ উন্মোচক প্ৰমুখ্যে অভ্যাগতসকলক ফুলাম গামোচাৰে সম্বর্ধনা জনোৱা হয়। গ্রন্থ প্রকাশক সন্ন্যাসী সৰকাৰকে ধৰি মণ্ডল মহিলা মৰ্চাৰ সভানেত্রী নিৰুপমা উজীৰ, নীহাৰিকা দে, নাৰায়ণ উজীৰ, ডলি ৰাজবংশী, জ্যোতিকা বৈশ্য, অঞ্জলি সিংহ প্ৰমুখ্যে ভালেসংখ্যক লোক গ্রন্থ উন্মোচনী সভাখনত উপস্থিত আছিল। উল্লেখ্য যে ৰঙীন বেটু পাতেৰে আকৰ্ষণীয় ছপা-বন্ধাৰ ‘সহজলভ্য’ দ্বিভাষিক কাব্য সংকলন ৷ অসমীয়া আৰু বাংলা ভাষাত লিখা মুঠ ৫১টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে ৷ গ্ৰন্থখনৰ মুদ্ৰণ কৰা হৈছে আমবাৰীৰ সুৰয প্ৰিণ্টাৰ্ছত।

 

(RT)