নিশাৰ নীৰৱতাত সাৰে থাকে জীৱন –  মিতালি বৰঠাকুৰ

Pc Unsplash

নিশাৰ নীৰৱতাত সাৰে থাকে জীৱন

 মিতালি বৰঠাকুৰ
মালিগাওঁ ,আদৰ্শ কলনী,  গুৱাহাটী

যেতিয়া পৃথিৱী শুই পৰে নিস্তব্ধতাৰ কোলাত
তেতিয়া মহানগৰীত জ্বলি থাকে স্ত্ৰীট লাইট
অট্টালিকাৰ কাঁচৰ খিৰিকিয়েদি
টোপ্ টোপ্ কৈ বাগৰি  আহে বৰষূণৰ পানী
হয়তো কাৰোবাৰ
দুখ বোৰ নিগৰি আহে ৰাতিৰ নিৰ্জনতাত ।

বেলিৰ পোহৰত
সুখবোৰ দুচকুত লৈ ফুৰিবলৈ কৰা বৃথা চেষ্টা
ওঁঠত এটি মিঠা হাঁহি লৈ
নিজকে সুখী বুলি কোৱা জনৰ হৃদয়ে
ৰাতিৰ নীৰৱতাত সাৰে থাকে
চকুৰ চকুপানী যেন নিশাৰ লগৰী
পুৱা হ’লে সুখৰ এটি চোলা পিন্ধি
দুখবোৰ ঢাকিবলৈ অযুত প্ৰয়াস
তথাপি জীৱনে হাৰ নামানে।

প্ৰতিদিনে সংগী হৈ পৰে ৰাতিৰ নীৰৱতা
বতাহে সেওঁতা ফালি দিয়া বাটেৰে এটি দুটি কৈ
নামি আহে শব্দৰ মালিতা

এক অজান সুখ
য’ত নীৰৱতাৰো এক সুকীয়া ভাষা থাকে
য’ত জীৱনে বিচাৰি পায় কবিতাৰ ছন্দ।