ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰিৱৰ্তে গঢ় দিয়া হব এটা নতুন সংস্থা

pc- INSIDE NE

ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰিৱৰ্তে গঢ় দিয়া হব এটা নতুন সংস্থা

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ ১০০ দিন পূৰ্ণ হোৱাৰ ক্ষণত ৰাজ্যৰ শিক্ষা খণ্ডৰ কেতবোৰ অভূতপূর্ব সংস্কাৰ সাধনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত এক সংবাদমেলত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড°শৰ্মাই। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ – এই দুয়োটা সংস্থাক বিলয় কৰি গঢ় দিয়া হ’ব এটা নতুন সংস্থা ৷ মুখ্যমন্ত্ৰী ড°শৰ্মাই কয় যে এতিয়াৰে পৰা অসমৰ শৈক্ষিক পাঠ্যক্ৰমত বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জী বিষয়। নৱম আৰু দশম শ্রেণীত এই দুয়োটা বিষয় বাধ্যতামূলক হ’ব বুলি উল্লেখ মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে ভাৰত বুৰঞ্জী, অসমৰ বুৰঞ্জী আৰু ভাৰতৰ ভূগোল তথা অসমৰ ভূগোল পঢ়াটো বাধ্যতামূলক হ’ব। ইফালে অহা ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যখনত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী ড°শৰ্মাই আজি কয় যে অহা বছৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হিচাপে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যিক কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত ৰাজ্যত বর্তমানে থকা সকলোবোৰ হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব । আকৌ ৰাজ্যত থকা সকলো জুনিয়ৰ কলেজক নৱম আৰু দশম শ্ৰেণীত অন্তর্ভুক্ত কৰা হ’ব। মুখ্যমন্ত্ৰী ড°শৰ্মাই লগতে কয় যে ৰাজ্যখনত প্ৰায় ৫৬০০খন হাইস্কুল আছে। তেনেস্থলত ইমান বৃহৎসংখ্যক হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰয়োজন নাই । ঠাইভেদে বহুসংখ্যক হাইস্কুল সংলগ্নকৰণৰ ব্যৱস্থা কৰা হ’ব । মুঠতে এই সকলো কাম সমাপন কৰি অহা ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ধাৰণা প্ৰৱৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

 

(UD.)