সুধাকণ্ঠলৈ একাজলি শ্ৰদ্ধাঞ্জলি

সুধাকণ্ঠলৈ একাজলি শ্ৰদ্ধাঞ্জলি

দেৱাশীষ গোস্বামী, নগাঁও, ৰঙিলা বাৰ্ত্তাসেৱা- সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকীত নগাঁৱৰ গোসাঁইগাওঁ অঙ্গঁনবাড়ী কেন্দ্ৰত গাঁৱৰ কণ কণ মইনাহতঁৰ লগতে তেওঁলোকৰ অভিভাৱক সকলে সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে।অঙ্গঁনবাড়ী ওৱৰ্কাৰ মাজনী গোস্বামীয়ে আঁত ধৰা অনুস্থানতোত সভাপতিত্ব কৰে গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষয়েত্ৰী অনিমা বৰঠাকুৰে।অনুষ্ঠানতোত কণ কণ মইনাসকলে সুধাকণ্ঠৰ কৰ্মৰাজীৰ সাবলীল বৰ্ণনা দাঙি ধৰে।অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কণ কণ মইনাসকলে কৰা নৃত্য,গীতে সকলোকে আপ্লুত কৰে।অভিভাৱকসকলেও অনুষ্ঠানতোত প্ৰত্যক্ষ ভাবে সহযোগ কৰে আৰু হাজৰিকাদেৱৰ কেইবাটাও গীত পৰিবেশন কৰে।দুগৰাকী মান অভিভাৱকৰ নৃত্যই অনুষ্ঠানটোৰ সৌস্তৱ বৃদ্ধি কৰে।শেষত উক্ত সভাখনতেই সকলো অভিভাৱকে গাৱৰ মইনাসকলৰ উৎকৰ্ষ সাধনৰ অৰ্থে প্ৰতি ৰবিবাৰে মইনামেল অনুষ্ঠিত কৰাৰ সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে।