‘মডেল ভাড়াঘৰ আইন’ বলবৎ নকৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দাবী

pc- Facebook

‘মডেল ভাড়াঘৰ আইন’ বলবৎ নকৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- ‘মডেল ভাড়াঘৰ আইন’ বলবৎ নকৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দাবী জনাইছে৷ ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদ মেলত প্ৰাক্তন মেয়ৰ কুশল শৰ্মা আৰু মেহদী আলম বৰাই কয়- হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে তথাকথিত পৰিৱৰ্তনৰ নামত সৰ্বসাধাৰণ ৰাইজক এফালৰ পৰা কেকোঁৰা চেপা দিবলৈ আৰম্ভ কৰিছে। প্ৰায় প্ৰতিদিনে ঘটি থকা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চুড়ান্তভাৱে ব্যৰ্থ হোৱা বি জে পি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে চৰম ব্যৰ্থতাৰ পৰিচয় দিছে। অসমৰ বেলিকা নতুনত্বৰ চমক দিবলৈ গৈ কিছুদিনৰ আগতে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ বাবে চৰকাৰী অনুমতি লোৱাৰ উপৰি গৃহ নিৰ্মাণৰ বাবদ চৰকাৰক মাচুল দিব লাগিব বুলি এক আইনী ব্যৱস্থা প্ৰৱৰ্তনৰ ঘোষণা কৰাৰ পাছতে সমগ্ৰ ৰাজ্যখনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাত বাধ্য হৈ চৰকাৰে সেই ব্যৱস্থা স্থগিত ৰাখিবলৈ বাধ্য হৈছিল। সেই উজুটিৰ পাছত শেহতীয়াকৈ অসম চৰকাৰে নিজৰ পয়াঁ লগা অৰ্থনৈতিক অৱস্থাটো টনকিয়াল কৰিবলৈ য’ত যেনেকৈ পাৰে তেনেকৈ নতুন নতুন কৰ-কাটল লগাই সৰ্বসাধাৰণ ৰাইজৰ ওপৰত চৰম হাৰাশাস্তি আৰম্ভ কৰিবলৈ লৈছে। তাৰে এক নমুনা হিচাপে ৰাজ্যখনৰ ভাড়াঘৰ সমূহৰ ওপৰত চকু দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ‘মডেল ভাড়াঘৰ আইন’ অনুযায়ী ভাড়াঘৰৰ মালিকে নিৰ্ধাৰিত চুক্তিপত্ৰ সম্পাদন কৰিহে ঘৰ ভাড়ালৈ দিব পাৰিব। এটা ঘৰ ভাড়াত দিলে সেই সম্পৰ্কীয় সকলো তথ্য ঘৰৰ গৰাকীয়ে চৰকাৰক জনাব লাগিব আৰু ঘৰৰ গৰাকী আৰু ভাড়াতীয়াই একেলগে অথবা সুকীয়া সুকীয়াকৈ এই বিষয়ক প্ৰপত্ৰ চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব। মাহে কিমান টকাকৈ লৈ ঘৰটো ভাড়ালৈ দিয়া হৈছে বা কিমান টকাকৈ দি ভাড়ালৈ লোৱা হৈছে সেই তথ্য প্ৰপত্ৰত উল্লেখ থাকিব লাগিব আৰু গৰাকী আৰু ভাড়াতীয়াৰ মাজত সম্পাদিত চুক্তি ‘ৱেবচাইট’ত ‘আপল’ড’ কৰিব লাগিব। এনে কৰাৰ পাছত চৰকাৰে এটা বিশেষ পৰিচয় নম্বৰ প্ৰদান কৰিব। উল্লেখযোগ্য যে এই নতুন কৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘মডেল ভাড়াঘৰ আইন’ৰ অধীনত অসম চৰকাৰে ঘোষণা কৰিছে। ৰাজ্যসমূহৰ বাবে এই ‘মডেল ভাড়াঘৰ আইন’ বাধ্যতামূলক নহয়। কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে মোদীক তোষামোদৰ স্বাৰ্থতে এইখন অসমত প্ৰযোজ্য কৰিবলৈ উঠিপৰি লাগিছে। এই আইন কাৰ্যকৰী হলে ঘৰ এটা ভাড়ালৈ দি গৰাকীয়ে ভাড়াৰ বাবদ লাভ কৰা ধনৰ এটা নিৰ্দিষ্ট অংশ ‘কৰ’ হিচাপে চৰকাৰক আদায় দিয়াটো বাধ্যতামূলক হৈ পৰিব আৰু এইদৰে ‘কৰ’ পৰিশোধ নকৰিলে ঘৰৰ গৰাকীজন আইন মতে দণ্ডনীয় হ’ব।এতিয়া এটা বা দুটা কোঠালি ভাড়ালৈ দি দৈনন্দিন ভাত-কাপোৰৰ যোগাৰ কৰি কোনোমতে চলি থকা বহু অৱসৰপ্ৰাপ্ত বা বৃদ্ধ লোকৰ মূৰতো ৰাম-টাঙোন মাৰিবলৈ এইখন চৰকাৰে চক্ৰান্ত কৰিবলৈ অকণো দ্বিধাবোধ কৰা নাই। বাকী নগৰ-চহৰ বাদ দিলেও কেৱল গুৱাহাটী মহানগৰীতে এনেকৈ ঘৰৰ এটা বা দুটা কোঠা ভাড়ালৈ দি কোনোমতে মাহটোৰ খৰছ উলিওৱা হেজাৰ হেজাৰ বৃদ্ধ লোক আছে। সেই সকলৰ দায়িত্ব এতিয়া কোনে ল’ব ? জনতাৰ ওপৰত কৰ-কাটল কমকৈ প্ৰযোজ্য কৰা শাসন ব্যৱস্থাকে জনকল্যাণকামী শাসন বুলি কোৱা হয়। এতিয়া ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰখনে এটাৰ পিছত আনটো ৰাইজক জুৰুলা কৰা নীতি-নিয়ম প্ৰযোজ্য কৰি নিজকে জন-বিৰোধী চৰকাৰৰ শাৰীলৈ পৰ্যবসিত কৰি নি আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এনে জনবিৰোধী নীতিৰ তীব্ৰ বিৰোধ কৰিছে আৰু অসমৰ ৰাইজক এই ‘মডেল ভাড়াঘৰ আইন’ৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে। ‘আমি অসম চৰকাৰক অসমত এই ‘মডেল ভাড়াঘৰ আইন’ বলৱৎ নকৰিবলৈ সজোৰে দাবী জনাইছোঁ।