সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ অধীনত | ৫ গৰাকী সাংবাদিকলৈ আর্থিক সাহায্য 

pc-twitter

সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ অধীনত | ৫ গৰাকী সাংবাদিকলৈ আর্থিক সাহায্য 

দিছপুৰ, ১৪ জুলাইঃ তথ্য আৰু জনসংযােগ বিভাগৰ উদ্যোগত সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ অধীনত এইবেলি ৫ গৰাকী সাংবাদিকলৈ আর্থিক সাহায্য প্রদান কৰাৰ বাবে ব্যৱস্থা লােৱা হৈছে। বিভাগৰ সচিব নীৰা গগৈ সােণােৱালৰ অধ্যক্ষতাত সঞ্চালক অনুপম চৌধুৰী আৰু নির্বাচন সমিতিৰ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত উক্ত আঁচনিৰ বাবে আবেদন কৰা সাংবাদিকসকলৰ মাজৰ পৰা ৫ গৰাকী সাংবাদিকক নির্বাচিত কৰা হয়নির্বাচিত সাংবাদিক কেইগৰাকী হ’ল-ৰাজিবক্সা ৰক্সিত, পুলিন্দ্ৰ দেৱ শৰ্মা, আব্দুল গনিখান চৌধুৰী, মিঠুমুদ্ধ গোঁহাই আৰু স্বপন কুমাৰ ৰাভা।