সম্পৰ্ক আৰু সীমাবদ্ধতা-ববিতা বৰা

Pc TED Ideas
সম্পৰ্ক আৰু সীমাবদ্ধতা
অজস্ৰ মানুহ চাৰিওফালে। কোনোবা পৰ কোনোবা আপোন।কোনোবা আকৌ আপোন হৈও পৰ। চিনি পাবলৈকে টান মানুহৰ মনৰ মহিমা।  কিছুমান আপোন বুলি ভৱা মানুহও সময়ত একেবাৰে পৰ হৈ যায়।তেজৰ সম্পৰ্ক থকাবোৰও যে চিৰদিন একেই হৈ‌ থাকে,সেইটোও বিৰল।জীৱননো কি? দুদিনীয়া। ক্ষন্তেকীয়া।গতিকে যি আছে,সেইয়াৰেই সুখী হ’ব লাগে।থকা খিনিকেই উৎকৰ্ষ কৰাৰ চেষ্টা কৰিব লাগে। আচলতে আমি যিমানেই নিজৰ বন্ধুত্বৰ,চিনাকিৰ‌ পৰিসৰ বহলাবলৈ যত্ন নকৰো কিয় বা যিমানেই বহল নহওঁক কিয় তাৰ মাজত আপোনাৰ আপোনজনৰ সংখ্যা তেনেই তাকৰ।বিপদত দৌৰি অহা জনক কেৱল মাত্ৰ আপোন বুলি ক’বলৈ নাযাওঁ।কাৰণ আপোনাৰ বিপদত দৌৰি আহিব নোৱাৰাজনৰ হয়তো সেইসময়ত নিজৰ ব্যক্তিগত বিপদ থাকিব পাৰে যি আপোনাৰ বিপদৰ তুলনাত হয়তো দুগুণ ডাঙৰ হ’বও পাৰে। গতিকে আপোনাৰ বিপদত দৌৰি অহাজনহে আপোনাৰ আপোন বুলি ভৱাটো স্বাৰ্থপৰতা হে হ’ব। কোনোবা আপোন বুলি ভৱা এজন, আপোনাৰ সুখৰ উৎসৱৰ সময়ত হয়তো আপোনাৰ‌ কাষত শাৰিৰীক ভাৱে উপস্থিত থাকিব নোৱাৰিবও পাৰে।ধৰো,এখন বিয়াত,কোনোবা এজন নাহিলে বুলিলেই তেওঁ আপোনাৰ পৰ হৈ যায় নেকি?বিনিময়ত তেওঁৰ‌ সুখৰ উৎসৱত আপোনাক নিমন্ত্ৰণ কৰিলে, আপুনি মাথো প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে স্ব-ইচ্ছাই তেওঁৰ কাষত দেখা নিদিয়াটো উচিত নে? আমি বহুতেই এনেকুৱা কৰো বা কৰা মই দেখিছোও।  ‘তাক মোৰ বিয়াত মাতিলো সি নাহিল।এতিয়া তাৰ‌ বিয়ালৈ মাতিছে বুলিয়েই মই যাম নেকি?নাযাওঁ।’
এইটো হৈছে সস্তীয়া এটা মই বৰ স্বভাৱ। এনেকুৱা জেদা-জেদিৰ বাবে এটা সম্পৰ্ক ভাগে।তাৰ বাদে আন একো নহয়। এখন বিয়াত বা সকামত খুউব কম সংখ্যক লোকেহে আশীৰ্বাদ দিবলৈ যায়,অন্তৰৰ পৰা শুভাষা দিবলৈ যায়।মন কৰিব অপ্ৰিয় হ’লেও কথাটো সত্য যে অধিকাংশই বিয়া সবাহলৈ যায় মাংস বাতিৰ সোৱাদ ল’বলৈ।দকচি পিতি খাবলৈ। মৃতকৰ ঘৰৰ প্ৰায়চিত্ত হোৱাৰ বেলিকা মৎস্য স্পৰ্শ কৰি পদূলিমুখত আলোচনা কৰা মানুহও আছে ,’জোলত নিমখ অলপ কম হ’ল হে! মাছটোতও সোৱাদ নাই। মোৰ ভাগত ফিছাহে পৰিল।’আচৰিত। চচিয়েল মিডিয়া..য’ত আপোনাক একেলগে পাচ হাজাৰ মানুহে বন্ধুত্বৰ ৰিকুৱেষ্ট পঠাই, আপোনাৰ প্ৰতিখন ফটোত সুন্দৰ, ধুনীয়া বুলি কমেন্ট কৰে,লাইক কৰে… সেইকেইজন আপোনিৰ প্ৰেমিক, সহায় বিচাৰি পষ্ট এটা কৰাৰ সময়ত ক’ত অন্তৰ্ধান হয়?কেইটা আহে প্ৰত্যুত্তৰ?আপোনাৰ প্ৰতিখন ফটোত ‘ you are my Crush’ বুলি কমেন্ট কৰা মানুহজন ক’ত লুকাই সেই প্ৰয়োজনীয় সময়কণত?
জীৱনত,বন্ধুৰ লিষ্টখন যিমানেই দিঘলীয়া নহওঁক কিয়, আচলতে সদায়েই প্ৰকৃত বন্ধু এজনেই থাকে।অৱশ্য ই আপোনাৰ ওপৰতো নিৰ্ভৰশীল যে আপুনি কেনেকৈ ধৰি ৰাখিছে সম্পৰ্কটো বা ধৰি ৰখাৰ চেষ্টা কৰিছেই বা নাই। হাজাৰ‌বাৰ বিচ্ছেদৰ পিছতো যিজনে বিপদত দৌৰি আহিব নোৱাৰিলেও একো স্বাৰ্থ নাৰাখি বা আখেজ নাৰাখি আপোনাক কয়, ‘চিন্তা নকৰিবি,মই আছো নহয়।’ বুলি.. সেইজনহে বুকুৰ কুটুম যি মাথো মুখৰ কথা,কামতো প্ৰতিফলিত কৰি আপোনাক সকাহ দি ঘুৰাই আনে উশাহ। সেইবাবে মানুহ চিনাটো প্ৰয়োজন।প্ৰেক্টিকেল হোৱাটো প্ৰয়োজন।যিমানেই আপুনি মানুহ লগ পাব সিমানেই ব্যক্তিৰ বিষয়ে জ্ঞাত হ’ব। কিন্তু ই মাথো শিক্ষনৰ এটা সমল হিচাপে থকাটোৱেই উচিত।কাক কাক সুখী ৰাখিব আপুনি?নিজকেই নে আনক? সেইবাবেই ব্যক্তিগত জীৱনত মাথো কেইজনমান নিৰ্দিষ্ট ব্যক্তি জড়িত‌ থকাটোৱেই সুখী জীৱনৰ ৰহস্য।অসংখ্যতাই আউল লগাই,সময় কাঢ়ি নিয়ে,খেলি-মেলিৰ সৃষ্টি কৰে। কিন্তু সেই নিৰ্দিষ্ট কেইজন… এনেকুৱা ব্যক্তি হওঁক যাক আপোনাৰ প্ৰতিটো প্ৰাৰ্থনাত নিজৰ লগতে তেওঁলোকৰো সু-কামনা কৰিব পৰাকৈ স্বতস্ফূৰ্তভাৱে ওলাই আহে নাম।
কোনে আপোনাক ভালপাই,কাক আপুনি পাই..বিষয়টো ৰহস্যকৰ। মুঠতে এটা নিৰ্দিষ্ট চাৰ্কলত সীমাবদ্ধতাৰ মাজত থাকিলে সকলোবোৰতে পাৰফেক্চন থাকে লাগিলে সেইয়া বস্তু বা ব্যক্তিয়েই হওঁক।
নতুনত্বৰ সন্ধানত আপোনজনক দলিয়াই পেলোৱাৰ সময়ত আপুনিও বুজা উচিত হিন্দী জনপ্ৰিয় গীতৰ কলিটোৰ অৰ্থ,
” যাতে ন্যেহী কভী ৰিষ্টে পূৰাণে,
কিছী নয়ে কে আ জানে চ্যে।”
ববিতা বৰা