নিলাম – হৃদয়ৰ -দেৱ প্ৰসাদ বৰা

Pc-Unsplash

নিলাম – হৃদয়ৰ 

তেওঁ হেনো হৃদয়খন নিলামত দিব…
বন্ধুক সুধিলো –
কিহৰ দায়ত পৰি ‘হৃদয়’ বেচিবা ?
নাজানো কিয় –
হিয়াৰ আমঠু এইখন হৃদয়েই মোক
লৈ ফুৰিছিল –
হৃদয়ৰ দুৱাৰে-দুৱাৰে
দেখুৱাইছিল ৰং-বিৰঙৰ অলেখ হৃদয়
হৃদয়ে হৃদয়ৰ ৰংবোৰ স্পৰ্শ কৰিছিল
হৃদয়ে মেলি দিছিল – হৃদয়ৰ দুৱাৰ..
হৃদয়ে হৃদয়ৰ চোতালত
পিৰা পাৰি বহিছিল
কি অমানিশা কত জোনাকী সন্ধ্যা
হৃদয়ে হৃদয়ে মিলি
গাইছিলোঁ হৃদয়ৰ গান –
চকুৰ আতঁৰ হ’লেও
হৃদয়বোৰ মনৰ দুৰত নাছিল
চকু আৰু মনৰ আঁৰ হ’লেও
হৃদয়ে হৃদয়ক দেখা পাইছিল…
….
অ’হ্ ! হয়তো –
মোৰো আলসুৱা হৃদয়খন
নাজানো কিহৰ যন্ত্ৰনাত
দিনে দিনে চোন গধুৰ হ’ল –
হৃদয়ৰ দুৱাৰ বোৰত
কপটতাৰ কপাট লাগিল
উৱলিযোৱা হৃদয়ৰ কোঠালিত
এলান্ধুৰ কঁজলা কৰাল…

থিকেই ভাবিছা বন্ধু –
ময়ো নিলাম কৰিম
‘ ভঙা-ছিঙা প্লাষ্টিক লোহাৰ’ দৰে
আবৰ্জনা হ’ব খোজা হৃদয়খন
লবনেকি –
লাগেনেকি কাৰোবাক
আতোল-তোল পুৰণি হৃদয় -?
লাগেনেকি….?
…..
অ’ বন্ধু! তুমিয়ো মেলিলা পোহাৰ
এলাগী হৃদয়ৰ?
পিছে – মূল্য কি ধৰিবা
কিহেৰে মাপিবা হৃদয়ৰ জোখ…?
….
হয়তো!
তুমি কি ভাবিছা
বেলিচোন লহিয়াবৰ হ’ল
বজাৰো সামৰিবৰ হ’ল –
নেদেখোঁ এজনো গ্ৰাহকৰ মুখ।

এটা কাম কৰোঁ বন্ধু
দিয়া, সলাই পেলাওঁ দুখন হৃদয়
তোমাৰে মোৰে..

থিকেই কৈছা সখা –
‘ জীৱন কচুপাতৰ পানী’
তোমাৰ হৃদয়খনো কচুপাতত বান্ধি দিয়া
মোৰখনো এনেকৈয়ে লোৱা..
তোমাৰে মোৰে হৃদয় মিলি
আকৌ গাম জোনাকৰ গান
সূৰুয লুকালেও সিঁচি যাম
জিলমিল জোনাকৰ বৰষুণ
তাতো যদি অগা-দেৱা অভিমানী ডাৱৰৰ
আউসীৰ এন্ধাৰতো উমানতে খেপিয়াই
আজিক অতীত কৰি
খচকিম জীৱনৰ বাট… ।

বন্ধু ! মনত ৰাখিবা –
হৃদয় থকাজনে নিকিনে হৃদয়
আৰু হৃদয়হীন জনে –
বুজিবনে কিবা
মূল্য হৃদয়ৰ….?

দেৱ প্ৰসাদ বৰা
চিনাতলী গাওঁ
কছাৰীহাট