সমালোচনাবোৰ যোগাত্মক হব লাগে-দেবর্ষি গৌতম

Pc Vantage Circle Blog

 সমালোচনাবোৰ যোগাত্মক হব লাগে

      যিকোনো এটা বিষয়ৰ ওপৰত সমালোচনা হোৱাটো স্বাভাৱিক কথা। প্ৰতিটো কামৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সমালোচনাৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। আমি যদি সমাজত সদায় এক যোগাত্মক সমালোচনাৰ যোগেদি সমাজখনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰোঁ তেনেহলে বহু ক্ষেত্ৰত সমাজখন সংশোধন হোৱাৰ পথ প্ৰশস্ত হয়। কিন্তু আমি যদি কেৱল ঋণাত্মক সমালোচনা কৰি যিকোনো এটা কামক বেয়া বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰোঁ তেনেহলে সেইয়া সমাজৰ বাবে কেতিয়াও ভাল লক্ষণ বুলি আমি ধৰিব নোৱাৰো। যোগাত্মক সমালোচনাই ভুল এটা আঙুলিয়াই দিয়াৰ লগতে সেই ভুলটো যাতে আৰু ভৱিষ্যতৰ দিনত নহয় তাৰ বাবেও এক বাৰ্তা প্ৰেৰণ কৰে। ভুল এটা কিদৰে শুধৰণি কৰিব লাগে সেই ক্ষেত্ৰতো যোগাত্মক সমালোচনাই এক ইতিবাচক সংকেত প্ৰদান কৰে। যাৰ ফলত সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতো ভুল কৰা ব্যক্তি এগৰাকীয়ে নিজৰ ভুল সংশোধন কৰি আগবাঢ়ি যাবলৈ সুযোগ লাভ কৰে। কিন্তু ঋণাত্মক সমালোচনাৰ দ্বাৰা এটা প্ৰতিভা ধ্বংস হৈ যাবলৈ বহুত বেছি সময়ৰ প্ৰয়োজন নহয়। ঋণাত্মক সমালোচনাই এগৰাকী ব্যক্তিৰ জীৱনত পেলোৱা নেতিবাচক প্ৰভাৱে সেই ব্যক্তিগৰাকীক নিজৰ ভুলটো শুধৰণি কৰি আকৌ আগবাঢ়ি যোৱাত এক বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিয়ে। বিষয় ভেদে সমালোচনাৰ ধৰণ বেলেগ হোৱাটো স্বাভাৱিক। কিন্তু যিকোনো সমালোচনা যদি যোগাত্মক হয় তেনেহলে তাৰ ইতিবাচক প্ৰভাৱ সমাজত আমি দেখিবলৈ পোৱাৰ বিপৰীতে ঋণাত্মক সমালোচনাই সমাজত নেতিবাচক প্ৰভাৱ পেলোৱা আমি দেখিবলৈ পাওঁ। আমি যিকোনো এটা বিষয়ৰ ওপৰত সমালোচনা কৰাৰ আগতে সেই বিষয়টোৰ ওপৰত আমি সম্পূৰ্ণ অধ্যয়ন কৰি তথ্য সমূহ আহৰণ কৰিব লাগে। তথ্য বিহীন সমালোচনাই সমাজত এক ভুল বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনা বেছি থাকে। আমি কৰা সমালোচনাৰ বাবে যাতে অন্য এটা সমস্যাৰ সৃষ্টি নহয় তাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। যেতিয়া সমালোচনাই এটা সমস্যাৰ সমাধান সূত্ৰ দিবলৈ সক্ষম হয় তেনেহলে তেনে সমালোচনা সাৰ্থক হোৱা বুলি আমি কব পাৰো। যদি সমালোচনাৰ জড়িয়তে এখন সমাজ ধ্বংস কৰাৰ পৰিবৰ্তে এখন সমাজ সংগঠিত কৰিব পৰা যায় তেনেহলে তেনে সমালোচনা আমাৰ বাবে সদায় প্ৰয়োজনীয়। যিকোনো এটা বিষয়ৰ ওপৰত কৰা যোগাত্মক সমালোচনাই সেই বিষয়টো এক যোগাত্মক দৃষ্টিভংগীৰে সমাজৰ মাজলৈ আগবঢ়াই লৈ যোৱাৰ বিপৰীতে ঋণাত্মক সমালোচনাই সেই একে বিষয় এটাকে সমাজত এক স্পৰ্শকাতৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰে। যিকোনো ক্ষেত্ৰতে হোৱা ভুলবোৰৰ বাবে সমালোচনা অবিহনে এটা শুদ্ধ পথৰ সন্ধান লাভ কৰাটো অতিকৈ কঠিন হৈ পৰে। কিন্তু যিদৰে প্ৰতিটো ক্ষেত্ৰতে সমালোচনা অতিকৈ প্ৰয়োজনীয় ঠিক একেদৰে সমালোচনাবোৰ সদায় ধ্বংসমুখী হোৱাৰ বিপৰীতে সৃষ্টিশীল হব লাগে। সৃষ্টিশীলতাই সমাজ এখনক সংগঠিত কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

                       দেবর্ষি গৌতম
                       বনগাঁও