সংবাদমেলত চৰকাৰক সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ

সংবাদমেলত চৰকাৰক সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ অৱস্থা চূড়ান্ত শোচনীয় হৈ পৰিছে। ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্যত বিনিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰত অন্তিম স্থানত উপনীত হোৱাৰ কথা উল্লেখ কৰি এক সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এই মন্তব্য কৰে। শৰ্মাই কয়,’দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ এখন কৰিম বুলি আস্ফালন কৰি ফুৰা, ৰাজ্যত বিকাশৰ গংগা বৈছে বুলি বক্তৃতাৰ ফুলজাৰি মাৰি ফুৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসম দিনক দিনে বেয়াৰ ফালেহে গতি কৰিছে। শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি বিনিয়োগৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত অন্তিম স্থানত। আনহাতে বিজেপি চৰকাৰে বিৰাট ঢাক ঢোল বজাই ২০১৮ চনত এডভাণ্টেজ আছাম অনুষ্ঠিত কৰিছিল। আৰু ইয়াৰ পৰাও অসমে একো সুফল নাপালে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত অসমৰ স্থান একেবাৰে শেষত। অৰ্থাৎ বিনিয়োগ বৃদ্ধিৰ বাবে কৰিবলগীয়া কামৰ পৰিৱৰ্তে বিহুৰ গীণিজ ৰেকৰ্ড স্থাপন আদি কামতহে সময় খৰচ কৰাটোক অগ্ৰাধিকাৰ দিয়াৰ বাবেই ৰাজ্যখনে সকলোৰে দৃষ্টিত হাহিয়াতৰ পাত্ৰহে হ’বলগা হৈছে।যদি বিনিয়োগ নহয়, উদ্যোগ স্হাপন নহয় তেন্তে সংস্হাপনৰ সুযোগ সৃষ্টি কেনেকৈ হ’ব? সংস্হাপন নহ’লে মানুহৰ হাতলৈ ধন ক’ৰ পৰা আহিব? ধন নাথাকিলে ক্ৰয় ক্ষমতা বঢ়াৰ কোনো উপায় নাথাকে। ২০২২-২৩ বিত্তীয় বৰ্ষত বেংক সমূহে সমগ্ৰ দেশত ৫৪৭ টা প্ৰকল্পৰ বাবে ২,৬৬,৫৪৭ কোটি টকাৰ অনুমোদন দিছে। ইয়াৰ ভিতৰত অসমত বিনিয়োগ হৈছে মাত্ৰ ১৮৬৫.৮৩ কোটি টকা।বিত্তীয় প্ৰতিষ্ঠানৰ বিনিয়োগেই হওক বা বিদেশী বিনিয়োগেই হওক ইয়াৰ বৃদ্ধিৰ বাবে এখন চৰকাৰে নিজাববীয়াকৈ পৰিৱেশ সৃষ্টি কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণত অসম ভাৰতৰ শিলৰ মুকুট হৈ উজলিব, অসমক এদিন বিশ্বই স্বীকৃতি দিব আদি কথাৰ ফুলজাৰি মাৰি সাময়িকভাৱে সফল যেন দেখুৱাবলৈ যত্ন কৰিলেও, নিৰ্দিষ্ট সময়ত ব্যৰ্থতাৰ ছবিখন এইদৰে ওলোৱাত আপুনি বাধা দিব নোৱাৰিব।  ১,৩৭,০০০ টকাৰ ঋণ লৈছে। কোনো উৎপাদনমুখী কামত এই ধন খৰচ কৰাৰ সলনি ভোট বেংক সৃষ্টিৰ লক্ষ্যৰে অৰুণোদয়ৰ হিতাধিকাৰীক ধন দিয়াতহে খৰচ কৰিছে। ফলত জনতাৰ ওপৰত বোজা আহি পৰিছে। জনতাই সেই বোজা বহন কৰাৰ অংশ হিচাপে সকলো ফালে মূল্যবৃদ্ধিৰ হেঁচাত পৰিবলগীয়া হৈছে। আমি এই চৰকাৰক ধিক্বাৰ দিছো।’