শ্ৰীলংকাৰ মাটি ভাৰত বিৰোধী শক্তিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’বঃ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি

শ্ৰীলংকাৰ মাটি ভাৰত বিৰোধী শক্তিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’বঃ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমটো চৰকাৰী ভ্রমণসূচী লৈ শ্রীলংকাৰ ৰাষ্ট্রপতি অনুৰা কুমাৰা দিশানায়কে ভাৰতলৈ আহিছে। ভাৰতত উপস্থিত হৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে দিল্লীত এক দ্বিপাক্ষিক বৈঠকত বহে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকী।এই বৈঠকত মিলিত হোৱাৰ সময়তে শ্রীলংকাৰ ৰাষ্ট্রপতি অনুৰা কুমাৰা দিশানায়কে কয় যে দেশখনৰ ভূখণ্ড কেতিয়াও ভাৰতবিৰোধী কাম-কাজত ব্যৱহাৰ হ’বলৈ অনুমতি দিয়া নহ’ব। ইফালে আঞ্চলিক শান্তি আৰু সুস্থিৰতা অক্ষত ৰখাৰ ক্ষেত্ৰত ভাৰতক পূর্ণ সহযোগিতা আগবঢ়াই যাব বুলিও দ্বীপৰাষ্ট্ৰখনৰ নৱনির্বাচিত বাঁওপন্থী ৰাষ্ট্রপতি অনুৰা কুমাৰা দিশানায়কে প্রতিশ্রুতি দিয়ে। ইফালে ভাৰতৰ বিদেশ নীতিক প্রশংসা কৰি কুমাৰা দিশানায়কেই কয় যে ভাৰতে সদায় দ্বীপৰাষ্ট্ৰখনক বিপর্যয়ৰ সময়ত সহায় কৰি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। লক্ষণীয়ভাবে দুয়োগৰাকী ৰাষ্ট্রনেতাই দ্বিপাক্ষিক বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত এক যৌথ বিবৃতি প্রকাশ কৰে। এই বিবৃতি প্রকাশৰ সময়ত শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে কয় যে প্রতিবেশী ভাৰতৰ বিৰুদ্ধে শ্রীলংকাৰ ভূমি কেতিয়াও ব্যৱহাৰ হোৱাৰ বাবে কাকো অনুমতি দিয়া নহ’ব। দ্বিপাক্ষিক সহযোগিতাক অধিক প্ৰসাৰিত কৰাৰ বাবে ভাৰতক বিভিন্ন ক্ষেত্রত সমর্থন কৰি যাব বুলিও প্রতিশ্রুতি দিয়ে ৰাষ্ট্রপতিগৰাকীয়ে। ইফালে বিভিন্ন সময়ত মাছমৰীয়াৰ বিষয়টোক লৈ ভাৰত-শ্রীলংকাৰ মাজত মতানৈক্য সৃষ্টি হোৱা বিষয়টোক মানি লৈ ৰাষ্ট্রপতি অনুৰা কুমাৰা দিশানায়কে কয় যে এই সন্দর্ভত সমস্যা সমাধানৰ ক্ষেত্ৰত উভয় দেশে এক সুস্থিৰ সহমতত উপনীত হ’ব। লক্ষণীয়ভাবে শ্রীলংকাই বিভিন্ন সময়ত ভাৰতীয় মাছমৰীয়াক বিবদমান জলৰাশিত গ্রেপ্তাৰ কৰি আহিছে। এই বিষয়টোক লৈ বাৰে বাৰে ক্ষোভ উজাৰি আহিছে নতুন দিল্লী প্রশাসনে। ইয়াৰ সমাধানৰ বাবে দ্বীপৰাষ্ট্ৰখন আগ্রহী বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে আগন্তুক দিনত দুয়োখন দেশে যোগাযোগ ব্যবস্থাক উন্নত কৰি তুলিব। ফেৰী সেৱাৰ উপৰি চেন্নাই আৰু জাফনাৰ মাজত বিমান চলাচল অধিক সূচল কৰা হ’ব বুলি প্রতিশ্রুতি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ইয়াৰ জৰিয়তে উভয় দেশৰ পর্যটন খণ্ড চহকী হ’ব। ইয়াৰ উপৰি দুয়োখন দেশৰ মাজত সাংস্কৃতিক সম্পর্ক অধিক সুদৃঢ় হ’ব বুলিও প্রধানমন্ত্রীগৰাকীয়ে মন্তব্য কৰে। ইফালে শ্রীলংকা চৰকাৰে তামিল লোকসকলৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সকলো পদক্ষেপ গ্রহণ কৰিব বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰে।