শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে মালদ্বীপলৈ পলাই যোৱাৰ পিছত শ্ৰীলংকাই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। ৰাজপাক্ষেৰ তাৎক্ষণিক পদত্যাগ দাবী কৰিহাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ ৰাজপথলৈ ওলাই আহিছিল। প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংহেৰ কাৰ্যালয়ৰ ওচৰত প্ৰতিবাদকাৰীসকলক ৰখাবলৈ আৰক্ষীয়ে চকুপানী গেছ নিক্ষেপ কৰিছিল।