অনলাইন বাৰ্ত্তাসেৱা- শ্বিলংত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত বৈঠক।দুয়ো ৰাজ্যৰ সীমা সমস্যাক লৈ অনুষ্ঠিত হৈছে এই বৈঠক।ইয়াৰ পূৰ্বে ১৭ জুলাইত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত সীমা সমস্যাক লৈ এক অনানুষ্ঠানিক বৈঠকত মিলিত হৈছিল।শুক্ৰবাৰে শ্বিলংত অনুষ্ঠিত হোৱা বৈঠকৰ পাছত গুৱাহাটীত দুয়ো ৰাজ্যৰ বিষয়াৰ উপস্থিতিত আন এক বৈঠক অনুষ্ঠিত হ’ব বুলিও জানিব পৰা গৈছে।
শ্বিলংত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত বৈঠক
