হঠাতে দক্ষিণ-পূব তিব্বত ভ্ৰমণ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ

thenewyorker

অনলাইন বাৰ্ত্তাসেৱা-  শুকুৰবাৰে ভাৰত আৰু চীনৰ মাজত সীমান্ত বিবাদ চলি থকাৰ মাজতেই চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙ হঠাতে দক্ষিণ-পূব তিব্বত ভ্ৰমণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল প্ৰদেশৰ সীমান্তত উপস্থিত হয়। চিচিটিভি ফুটেজত, পৰম্পৰাগত পোছাক পৰিধান কৰা আৰু জনতাক অভিবাদন জনোৱাৰ বাবে উক্ত স্থানত চীনা পতাকা উৰুৱাই থকা দেখা গৈছিল । অৰুনাচলত চীনৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে হঠাৎ এইদৰে চীনৰ ৰাষ্টপতি গৰাকীয়ে অৰুনাচল সীমান্ত থকা নিংচি ভ্ৰমণ কৰা ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে তিব্বতৰ দক্ষিণ-পূবৰ নিংচি মেনলিং বিমানবন্দৰত উপস্থিত হৈছিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙ । চিচিটিভি ফুটেজঅনুসৰি, সকলো জাতি-জাতিৰ কৰ্মী আৰু জনসাধাৰণৰ দ্বাৰা উষ্ম আদৰণি লাভ কৰাৰ পাছত তেওঁ, অৰুণাচল প্ৰদেশৰ সীমাত থকা য়াৰলুং চাংপো নদী আৰু নিয়াং নদীৰ সুৰক্ষাৰ বিষয়ে জানিবলৈ ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাৰ নিয়াং নদী দলংলত উপস্থিত হৈছিল । by utpal kalita