শেহতীয়া বানত বিধ্বস্ত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ মেৰামতি

pcnews18

শেহতীয়া বানত বিধ্বস্ত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ মেৰামতি

ৰঙিলী বাৰ্ত্তাসেৱা – শেহতীয়া বানত বিধ্বস্ত ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ মেৰামতি-পুনৰ নিৰ্মাণক লৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাই পথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিক সাক্ষাৎ কৰে দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। গাডকাৰিৰ নতুন দিল্লীৰ চৰকাৰী বাসভৱনত হোৱা সাক্ষাৎকালত মুখমন্ত্ৰী ড০ শৰ্মাই সংহাৰী বানপানীয়ে কেনেকৈ অসমৰ বাট-পথৰ ক্ষতি কৰিছে, তাৰ এক সম্যক চিত্ৰ দাঙি ধৰাৰ লগতে বিধ্বস্ত বাট-পথসমূহ পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় সাহায্য প্ৰদানৰ অনুৰোধ জনায়। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহ যাতে অতি সোনকালে মেৰামতি কৰিব পাৰি, তাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই গাডকাৰিক বিশেষ অনুৰোধ জনোৱা বুলি জানিব পৰা গৈছে। আনহাতে, টুইটাৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই গাডকাৰিৰ সৈতে হোৱা আলোচনা সৰ্ম্পকে প্রকাশ কৰিছে যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সামগ্রিক কাম-কাজৰ লৈ তেওঁ কেন্দ্রীয় মন্ত্ৰীজনৰ সৈতে আলোচনা কৰিছে। তদুপৰি ৰাজ্যৰ উন্নত পথ যোগাযোগ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও কেন্দ্রীয় মন্ত্ৰীজনক অৱগত কৰে। উল্লেখ্য যে পাঁচদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নিশা দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° শৰ্মাই পুৱা দেশৰ নতুন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। পাছত টুইটাৰত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনাই তেওঁৰ বক্তব্য – দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ।