কেন্দ্ৰীয় বিদ্যালয়সমূহত ১২,০০০ ৰো অধিক শিক্ষকপদ খালী: চৰকাৰ

Pc Zee News

কেন্দ্ৰীয় বিদ্যালয়সমূহত ১২,০০০ ৰো অধিক শিক্ষকপদ খালী: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষা মন্ত্ৰালয়ে সংসদত জনোৱা অনুসৰি, ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত কেন্দ্ৰীয় ভাৱে পৰিচালিত কেন্দ্ৰীয় বিদ্যালয়সমূহত খালী শিক্ষকপদৰ সংখ্যা ৬,০০০ তকৈও অধিক বৃদ্ধি পাইছে। কেন্দ্ৰীয় বিদ্যালয়ত খালী পদৰ সংখ্যা সন্দৰ্ভত লোকসভাত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে ২০১৯ চনত ৫,৫৬২ টা শিক্ষকপদ খালী আছিল। খালী পদসমূহ ২০২০ চনত ৮,০৫৫ আৰু ২০২১ চনত ১০,৪৫২ লৈ বৃদ্ধি পাইছে। জুনৰ শেষলৈ ই ১২,০৪৪ লৈ বৃদ্ধি পাইছে। আনহাতে শিক্ষা মন্ত্ৰালয়ৰ মতে ৯,০০০ ৰো অধিক শিক্ষক চুক্তিভিত্তিত নিযুক্ত হৈ আছে। সৰ্বাধিক তামিলনাডুত ১,১৬২টা, মধ্য প্ৰদেশ ১,০৬৬টা আৰু কৰ্ণাটক ১,০০৫টা খালী শিক্ষকপদ আছে ।