শীত
বন্দনা চৌধুৰী,নতুন দিল্লী
হেমন্তৰ হিমসনা দিনৰ পিছত
কুঁৱলীৰ চাদৰ মেৰিয়াই আহে শীত
কুঁচিমুচিকৈ চোতালত বহি আইতাই উম লয়
নাতি-নাতিনীৰ সৈতে
শৈশৱৰ সোণালী স্মৃতিৰ টুকুৰা ছবি
স্মৃতিৰ বৰপেৰাত সাঁচি থওঁ
মনবৰকায়ে বিচাৰি অনা বাহৰ মূঢ়া,
নজনা অচিন গছৰ মূঢ়াৰে
প্ৰকাণ্ড জুইকুৰাৰ চাৰিওফালে
সাধুকথা, ভূতৰ কাহিনী আৰু যে কিমান ৰসাল কাহিনী…!
আইতাৰ সোঁতোৰা পৰা গালত
সোলা দাঁতৰ হাঁহিয়ে চিকমিকাই
অতীত ৰোমন্থন…
মাজে মাজে পোৰা নতুন আলু আৰু মিঠা আলুৰ জুতি
কি যে সুন্দৰ সন্ধিয়া সেই দিনবোৰৰ!
আজি অতীত হৈ ৰ’ল…!
সন্ধিয়াবোৰ এতিয়া নিজৰ নিজৰ মোবাইল ফোনত আৱদ্ধ
ককা-আইতাও এতিয়া ঘৰৰ চুকৰ এলাগী বৰপীৰাৰ দৰেই
হুমনিয়াহ বুকুত লৈ নীৰৱে নিজৰ মাজতে ৰ’ল…
কেতিয়াবা কাৰোবাৰ এষাৰি কোমল মাতৰ অপেক্ষাত
নহ’লে হয়তো দুখৰ গভীৰ সাগৰ অথবা বৃদ্ধাশ্ৰমৰ বাসিন্দা…
সকলো আজি যেন শীতৰ কুঁৱলীৰ ধূসৰ ছবি
আমিও যে আধুনিকতাৰ কবলত
এক ফোঁপোলা সংস্কৃতিৰ ৰক্ষক
শীতবোৰ আৰু বেছি উজাই আহি
দুচকুৰ গভীৰত গোট মাৰে বৰফ হৈ…