কবিতা- শিশু মই অমানিশাৰ
মই এটা শিশু…
শিশু মোৰ মন, মোৰ ভাবনা
আৰু শিশু মোৰ অন্তৰৰ।
শিশু মোৰ কপাহীতুলা ল’ৰালিৰ।।
অৰুণোদয়ৰ ৰঙীণ ক্ষণৰ
এক নিষ্প্রভ বিহংগিনী মই।
জোনাকময় নিশাৰ সপোনপুৰী আকাশৰ
অযুত তৰাৰ সাৰ্থৰ ভঙা এক
যাত্রী মই … … … যাত্ৰী মই জীৱনৰ।।
কিন্তু ……
আঁচহুৱা মোৰ জীৱনৰ ছবি।
আঁচহুৱা মোৰ দৈনন্দীনতা… !!
মই যেন গুৰিয়ালবিহীন টোলোঙা নাওৰ পথিক !
সাগৰৰ মাজত ডুব যাব ধৰা নাওঁৰ
এক মৰণপণ যাত্ৰী মই…..
আৰু মই ….. মই যেন
জীৱনৰ অনিশ্চয়তাত ককবকাই ফুৰা
ভৱিষ্যতহীন বাটৰ আলহী!
কেতিয়াবা যদি ফুটপাথত,
কেতিয়াবা আকৌ বড়গছৰ তলত…
কেতিয়াবা আকৌ যদি জাবৰৰ দ’মত, কেতিয়াবা আকৌ বিলাসীঘৰৰ
পকীবেৰাৰ কাষত মোৰ আশ্ৰয়….
আশ্রয় মোৰ শিশু অৱয়বৰ।
আশ্রয় মোৰ জীৱনৰ।।
তথাকথিত মানৱৰ নগ্নৰূপী বিলাসীতাই যেন ঢুকি নাপায় মোৰ জীৱনৰ ছন্দ।
বিচাৰি নাপায় যেন অবোধ জীৱনলৈ পুষ্পাঞ্জলি ছটিওৱাৰ মাদকতা।।
কেতিয়াবা যদি ৰে’লৱে ষ্টেশ্যনত ভিক্ষা মাগি, কেতিয়াবা আকৌ চহৰৰ ৰেষ্টোৰাত গিলাচ-বাতি ধুই
কেতিয়াবা যদি মেনহলৰ বোকা চাফা কৰি, কেতিয়াবা আকৌ গাড়ীৰ হেণ্ডিমেন হৈ….. সর্বত্রে চলাথ কৰোঁ মই ভোকৰ তাড়ণাত। বিচাৰি ফুৰো মই শৈশৱৰ মাদকতা….
প্ৰতিপল মোৰ হৃদয়ত জীয়াই থকাৰ বাসনা।
মোৰ জীৱনলৈ নাহে পূৰ্ণিমাৰ জোনৰ পোহৰ…
মই বিচাৰি নাপাওঁ পিতৃস্নেহ
আৰু যেন নাপাওঁ মাতৃৰ উমাল বুকুৰ পৰশ। আলফুলীয়া হাতেৰে মৰম বুলাই দিয়া
মাতৃৰ স্নেহবন্ধনৰ পৰা যেন মই বহু…. দূৰত !!
মা… তুমি ক’ত আছা মা…?
তুমি আহাঁচোন মোক কোলাত লোৱাহি…।
দি যোৱাহি মোক তোমাৰ জীপাল ওঁঠৰ চুম্বন আৰু মোকলাই নিয়াহি মোক তিতা-কেঁহাৰ এই কৰাল গ্ৰাসৰ পৰা।।
বি:দ্ৰ:- ক্ৰমবৰ্ধমান শিশু শ্ৰমিকৰ জীৱনক উদ্দেশ্য কৰি তথা শিশু শ্ৰমৰ বিৰোধিতা কৰি।
✍️ ৰূপক হাজৰিকা
দেৰগাঁও, গোলাঘাট