শিশুৰ সৰ্বাংগীন বিকাশত বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ভূমিকা – চন্দ্ৰ শেখৰ পৰাজুলী

শিশুৰ সৰ্বাংগীন বিকাশত বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ভূমিকা
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
মই  এই আলোচনাৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ ওপৰত একেবাৰে বিতংকৈ আলোচনা কৰিবলৈ বিচৰা নাই। কাৰণ আমাৰ শিক্ষা ব্যৱস্থাৰ বিতংকৈ আলোচনাৰ মাধ্যমেৰে জানিবলৈ হ’লে একেবাৰে অতীতলৈ ভূমুকি মাৰি আলোচনাবোৰ আৰম্ভ কৰিব লাগিব। আৰু আমি সকলোৱে জানো যে ভাৰতীয় সভ্যতা একেবাৰে পুৰণি সভ্যতা। আচলতে এনে এটি সময়ো আছিল যেতিয়া গোটেই বিশ্বয়ে আমাৰ জৰিয়তে শিক্ষা আহৰণ কৰিছিল। কিন্তু বৰ্তমান সময়ৰ আমাৰ দেশৰ দুৰ্দশা বুলিয়ে কব নে অহোভাগ্য বুলিয়ে ক’ব এতিয়া উচ্চ শিক্ষাৰ গ্ৰহণৰ বাবে আমি বিদেশলৈ গতি কৰিব লগীয়া হৈছে। আমাৰ শিক্ষাৰ দিশত এনে বিসংগতিৰ মুখ্য কাৰণে হ’ল মোগল সাম্ৰাজ্যৰ আধিপত্য আৰু একেবাৰে শেষত ব্ৰিটিছ সাম্ৰাজ্যৰ স্থাপত্য। ইয়াৰ পিছৰে পৰা  ভাৰতত অতীতৰে পৰা চলি অহা উন্নতমানৰ গুৰুকুল শিক্ষা-পদ্ধতি লাহে লাহে কৰি  সমাপ্তি ঘটিলে । সেয়েহে বৰ্তমান সময়ত  পশ্চিমীয়া শিক্ষা-পদ্ধতিৰ প্ৰভাৱ আমাৰ হাড়ে হিমজোৱে  বৰ বেয়াকৈ বিস্তাৰ হৈছে।আমাৰ শিক্ষা ব্যৱস্থা প্ৰতি দিনাই ধৰাতলত যোৱাৰ সময়ত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ জাপানৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এভূমুকি মাৰি তুলনামূলকভাৱে কিছু বিশ্লেষণ কৰি চাওঁ আহক। আচলতে জাপানক শিশু আৰু কিশোৰৰ স্বৰ্গভূমি বুলি ক’ব পাৰি।জাপানৰ প্ৰাক প্রাথমিক আৰু প্রাথমিক শিক্ষা ব্যৱস্থাও এনেদৰে পৰিকল্পনা কৰা হৈছে যে ই এজন শিশুক পূর্ণাঙ্গ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত সহায়ক হয়। প্রাথমিক বিদ্যালয়ত ভর্তি হোৱাৰ আগতে জাপানত প্রাক প্রাথমিক শিক্ষাৰ ব্যৱস্থাও আছে। প্রাক প্রাথমিক বিদ্যালয়ত এবছৰ, দুবছৰ বা তিনি বছৰ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকা, কাপোৰ-কানি পিন্ধা, খোৱা-বোৱা কৰা আদি কথা শিকোৱা হয়। ল’ৰা-ছোৱালীবোৰে যাতে নিজৰ ওপৰত নিজে নিৰ্ভৰ কৰিব পৰা হয়, তাকে খেলা-ধূলা আদিৰ যোগেদি অভ্যাস কৰোৱা হয়। ছবি অঁকা বা নেওতা আদিও শিকোৱা হয় যদিও এই বিদ্যালয়বোৰত নিয়মীয়াকৈ কোনো লিখা-পঢ়া শিকোৱা নহয়। জাপানী সকলে প্ৰদান কৰা এনে শিক্ষাৰ জৰিয়তে এজন উঠি অহা শিশুৱে দায়িত্বশীল দেশৰ নাগৰিক আৰু ভবিষ্যতে গৈ শ্ৰেষ্ঠ জীৱন সাধনাৰ বাবে বহুতো সহায়ক হৈ পৰিছে। জাপানী সকলৰ শিক্ষা ব্যৱস্থাৰ তুলনাত বৰ্তমান ভাৰতৰ অভিভাৱক সকলে নিজ নিজ  সন্তানক নিজতকৈ বেছি ওজনৰ মোনা পিঠিত ওলমাই দি নিজ দেশতে ৰাজ্য ভেদে শ,শ ভাষা থকা সত্বেও পশ্চিময়া ভাষাত জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ত পঠিয়াই দিয়া পৰিলক্ষিত হ’বলৈ ধৰিছে। যাৰ ফলস্বৰুপে বৰ্তমান উঠি অহা নৱপ্ৰজন্ময়ে ভাৰতীয় সংস্কৃতি, সভ্যতাক নেওচি পশ্চিময়া সংস্কৃতক, সভ্যতাক আদিৰ লোৱাটো একেবাৰে সামান্য কথা নহয়নে? সেয়েহে পশ্চিমীয়া শিক্ষা আহৰণ কৰাৰ জৰিয়তে আমাৰ ল’ৰা-ছোৱালীবোৰ হয়তো বহুত শিক্ষিত হৈ পৰিছে কিন্তু দায়িত্বশীল দেশৰ নাগৰিক আৰু জীৱন সাধনাৰ প্ৰকৃত জ্ঞান আহৰণৰ পৰা বঞ্চিত হৈ পৰিছে।আমি সচৰাচৰ সকলোৱে লক্ষ্য কৰিছোঁ যে,যিবোৰ ৰাষ্ট্ৰয়ে নিজ  ভাষা, সাহিত্য,সভ্যতা আৰু সংস্কৃতিৰ ওপৰত  বেছিকৈ প্ৰাধান্য দি বিদ্যালয় সমূহত একেবাৰে আৰম্ভণিৰ পৰাই শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি গৈছে বিশেষকৈ তেনেকুৱা দেশসমূহে কেৱল সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে। আচলতে মই ইয়াত এইধৰনে কবলৈ বিচৰা নাই যে আমাৰ দেশে আকৌ পূৰ্বৰ সময়ত প্ৰচলিত গুৰুকুল পদ্ধতিৰ জৰিয়তে অতীততে দিয়া শিক্ষা সমূহ পুনৰাবৃত্তি কৰক। কিয়নো সময়ৰ লগত হয়তো শিক্ষা ব্যৱস্থাৰ সালসলনি হোৱাটো একেবাৰে স্বাভাৱিক। কিন্তু মই এইটোও বিচৰা নাই যে সময়ৰ সূতত আমাৰ ইতিহাস, আমাৰ ভাষা, সংস্কৃতিক পৰিহাৰ কৰি চলক। মই স্পষ্ট ৰূপত ক’ব পাৰোঁ যে মোৰ আলোচনাৰ বিষয় বস্তু আমাৰ দেশৰ সকলো শ্ৰেণীৰ মানুহে কেৱল মুখেৰে সহাৰি জনাই হয় হয় কৈ থাকিব। কিন্তু ইয়াৰ সঠিক সমাধানৰ বাবে কোনেও একো মনকান দিয়া পৰিলক্ষিত নহয়। সেয়েহে শিশুৰ সৰ্বাংগীন বিকাশত বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ভূমিকা একেবাৰে দুখতজনক বুলিয়ে উল্লেখ কৰিব লাগিব।