শিশুৰ চৰিত্ৰ গঠনত ঘৰুৱা প্ৰভাৱ- কৌশল্যা বৰা

pc- Brighton Jones

শিশুৰ চৰিত্ৰ গঠনত ঘৰুৱা প্ৰভাৱ
–কৌশল্যা বৰা, দেৰগাঁও

গোটেই জীৱনকালৰ বাবে আচৰণ আৰু মনটোক গঢ় দিয়াৰ একমাত্র থলী হ’ল ঘৰখন। বুদ্ধি-বৃত্তিৰ উন্মেষ ঘটে, ভাবানুভূতিৰ বিকাশ হয়, অভ্যাসে গঢ় লয়, সমাজৰ নীতি-নিয়মবোৰ শিশুৱে প্ৰথম ঘৰখনতে শিকে। আকৌ শিশুৰ চৰিত্ৰতে ভৱিষ্যতৰ পুৰুষজন লুকাই থাকে। লৰ্ড ব্ৰাওহামে কৈছিল–‘এটি শিশুৱে আঢ়ৈ বছৰৰ পৰা ওঠৰ বছৰলৈ পৰিদৃশ্যমান জগতখন, তাৰ নিজৰ শক্তি, আনৰ প্ৰকৃতি, নিজৰ মন আৰু আনৰ মন সম্পর্কে যিমান জ্ঞান আহৰণ কৰে, জীৱনৰ বাকীছোৱাত নকৰে।’ তেনেহলে এই সময়ছোৱাত এটি শিশুৰ বাবে কি কৰা উচিত? শিশুৱে তাৰ আচৰণ আৰু কাৰ্যত বাপেকতকৈ মাকক বেছিকৈ অনুসৰণ কৰে। ভাল চৰিত্ৰৰ শিশু পাবলৈ হ’লে এগৰাকী মাতৃ বুদ্ধিমত্তা, মৰমিয়াল, সুদক্ষা, তীব্ৰ বোধশক্তিসম্পন্না মহিলা হোৱাৰ উপৰিও তেওঁ হ’ব লাগিব শিক্ষয়িত্ৰী স্বৰূপ। আকৌ, নিৰক্ষৰ একোগৰাকী বিচক্ষণ মাতৃয়েও চাৰি-পাচোঁটাকৈ সন্তানক সু-শিক্ষাৰে শিক্ষিত কৰি গঢ়ি তুলিব পাৰে, কেৱল এনেবোৰ মহৎ গুণৰ অধিকাৰী হোৱাৰ বাবেই । সময়নিষ্ঠা, সৎ, নীতি-পৰায়ণা মাতৃৰ প্ৰভাৱে শিশুক নৈতিক জগত খনৰ সতে চিনাকি কৰাই দিয়ে। শিশুকালৰ পৰা যুৱাকালৰ মাজৰ সময়খিনিত ঘৰখনৰ অজ্ঞতাৰ কাৰণেই শিশুৰ জীৱনত অশেষ অনিষ্ট সাধন হ’ব পাৰে। আকৌ, বিজ্ঞান সৰ্বচ্চ যুগত আমি বিজ্ঞানৰ একো অৱদান এৰাই চলিব নোৱাৰোঁ, কিন্তু এই সমূহৰ পৰা যাতে শিশুৰ মনত বেয়া ভাবৰ উদয় হ’ব নোৱাৰে তাৰ প্ৰতি সচেতন হ’ব লাগিব পিতৃ-মাতৃ বা অভিভাৱক সকল । তেজ-মঙহৰ ছয় ৰিপুৰ শৰীৰটোৰ স্বাভাবিক বিকাশ হওঁতে লগতে সকলো ধৰণৰ আবেগ-অনুভূতিৰো বিকাশ ঘটিবই। কিন্তু মাতৃগৰাকীয়ে কৌশলেৰে ভাল-বেয়াৰ সম্পর্কে তাৰ মনত বোধ জন্মাব লাগিব ঘৰখনতেই। পিতৃ-মাতৃয়ে সৎ আদৰ্শৰ প্ৰতি সদায় শিশুৰ অনুৰাগ বৃদ্ধি কৰাৰ চেষ্টা কৰিব লাগে। ঘৰুৱা শিক্ষকৰ ওপৰতে শিক্ষাৰ ক্ষেত্রত সমস্ত অৰ্পণ নকৰি পৰাপক্ষত শিশুটিক নিজেই সংগ দি শিকোৱা-বুজোৱাৰ চেষ্টা কৰিব লাগে। সৰু অৱস্থাত ল’ৰা-ছোৱালীক বন্ধ কোঠাত পঢ়িবলৈ দি চছিয়েল মিডিয়াত , দূৰদৰ্শনৰ পৰ্দ্দাত মাতৃগৰাকী ব্যস্ত হৈ নাথাকি, পঢ়াৰ সময়ত চিলাই কৰা, উলগোঠা, নতু কিতাপ পঢ়া, লেখা-মেলা কৰা আদি কাম কৰি তাৰ ওচৰতে থাকিবৰ যত্ন কৰিব লাগে। পাঠ্য-পুথি সমূহ যিমান পাৰে সিহঁতে নিজে পঢ়ি বুজিবলৈ দিলে ভাল।নিজৰ শিশুটিৰ বাবে মাতৃগৰাকীয়ে কিছু ত্যাগ কৰিব লগা হয়। ধৰিলওক—আপুনি আপোনাৰ সন্তানটিক যি ৰূপত ভৱিষ্যতে কল্পনা কৰিছে, অন্তৰে সৈতে আপুনিও তেনে হৈ থাকিব লাগিব। পিতৃ-মাতৃৰ চৰিত্ৰবল, উদ্দেশ্যৰ দৃঢ়তা আৰু কৰ্মশক্তিক শিশুৱে অনুকৰণ কৰে। যৌন অস্বাভাবিকতাৰ নিচিনা কিছুমান কামত বহুত কিশোৰ লিপ্ত হোৱাৰ এটা সমস্যা আছে। তেনে ক্ষেত্ৰত কিন্তু বহু অভিভাৱকৰো দোষ নথকা নহয়। যিবোৰ কাম কৰিলে শিশুটি বেয়া হোৱাৰ সম্ভাৱনা থাকে, সেইখিনি যাতে ঘৰুৱা পৰিৱেশৰ পৰাও আঁতৰি থাকে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে। এটি শিশুক জন্ম দি এখন নতুন জগতৰ দুৱাৰ মুখত এৰি দিয়া হয়। নতুন আৰু আচৰিত অসংখ্য বস্তুত তাৰ চকু পৰে। প্ৰথমতে সি সেইবোৰ দেখে, লাহে লাহে বস্তু বোৰ চাবলৈ ,পৰ্যবেক্ষণ কৰিবলৈ, ইটোৰ লগত সিটো তুলনা কৰিবলৈ, জানিবলৈ সেইবোৰৰ বিষয়ে ভাববোৰ মনত সাঁচি ৰাখিবলৈ যত্ন কৰে। তেনে সময়ত উপযুক্ত পৰিচালনাৰে সঠিক চিন্তা-ভাবনাৰে বাট বোলাব পাৰিলেই শিশুটিয়ে সঠিক বাটেৰে গতি কৰিব। কৰ্মশক্তি -সুস্বাস্থ্য আৰু দীর্ঘ জীৱনৰ ঔষধ। সেয়ে সৰু-সুৰা কামবোৰ সৰুৰে পৰা কৰিবলৈ শিকালে কৰ্মশক্তিৰ লগতে স্ব-নিৰ্ভৰশীলতাৰ শিক্ষা দিয়াও হয়। নিজৰ শিশুটি আপোনাৰেই মঙহৰ এটুকুৰা, সেয়ে পেটত মৰম ৰাখি মুখেৰে অলপ কঠোৰ হওক। বোপা-ককাৰ কথা–‘বাঘৰ চকুৰে চাবা/হাটীৰ খাৱনেৰে খুৱাবা।’ অকনমান কথাতে -‘দেহাটো’-বুলি উবুৰি খায় নপৰিব। অলপ ভয়, ভক্তি, শ্ৰদ্ধাৰো চৰিত্ৰত প্ৰয়োজন হয় বুলি আমি ভাবো। জেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা, ভক্তিৰ প্ৰথম উন্মেষ ঘটে ঘৰখনতে। ঘৰুৱা পৰিবেশত আলাসৰ লাড়ু হৈ কাৰো প্ৰতি শ্ৰদ্ধা, ভক্তি দেখুৱাবলৈ নিশিকা সন্তান ডাঙৰ হৈ উদণ্ড স্বভাৱৰ হ’ব যেন অনুমান হয়। ঘৰুৱা ধৰ্মীয় পৰিৱেশে শিশুৰ আধ্যাত্মিক আৰু নৈতিক মূল্যবোধ সৃষ্টি কৰাত সহায় কৰে । উঠি অহা শিশুটিৰ মনত যাতে সদায় ভাল বিষয়হে স্পৰ্শিব পাৰে, তাৰ কাৰণে অভিভাৱকে সময়ত লগৰীয়াৰ দৰে ভাল-বেয়াৰ প্ৰাৰ্থক্যবোৰ তাক বুজাই দিব লাগে। অন্যৰ ভালখিনি শিশুৰ ওচৰত প্ৰশংসা কৰিলে ভালৰ প্ৰতি সিঁহত সহজেই আকৃষ্ট হয়। আন্তৰিকতাৰে আনক প্ৰশংসা কৰাটোৱে নিজৰহে বেছি উপকাৰ হয় যেন লাগে। আটাইতকৈ দৰদী ৰূপত শিক্ষাদান কৰোঁতাসকলৰ ভিতৰত মাতৃগৰাকীৰ সমান কোনো হ’ব নোৱাৰে। পুৰুষ যদি মানৱজাতিৰ মগজু, তেন্তে নাৰী হৃদয়। হৃদয়বৃত্তিৰ বিকাশ ঘটালে মগজু শক্তিও অবিকশিত হৈ নাথাকে। ইচ্ছাশক্তিয়েই অসাধ্যও সাধন কৰে। গতিকে অভিভাৱকৰ আদৰ্শ, সততা, ন্যায়-নীতিপৰায়ণতা আৰু সৎ-চেষ্টাৰ দ্বাৰাই আজিৰ শিশুটি কাইলৈৰ মানৱ সম্পদ ৰূপে গঢ়ি উঠিব।