লটাৰিৰ প্ৰলুব্ধতাত এচাম ডুব যোৱাৰ উপক্রম – সুনম বিশ্বাস

লটাৰিৰ প্ৰলুব্ধতাত এচাম ডুব যোৱাৰ উপক্রম

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

এই যে পৃথিৱীখন দিনক দিনে প্ৰলুব্ধতাৰ মহাসাগৰত ডুব গৈ আছে। তাৰ বাবে দায়ী কোন? আমি সকলোৱে খমখমীয়া নোটৰ পিছত দৌৰো একো একোজন খেল মহাৰণ হৈ । পিচে এই লালসাৰ অৱসান ক’ত? কি দিছে এই লোভে ? সুখৰ বিপৰীতে  সমূলি কাঢ়ি নিয়ে নিশাৰ নিদ্রা, প্ৰাণখুলি হঁহাৰ মাদকতা,জীয়াই থকাৰ প্রকৃত সংজ্ঞা । ধনৰ নিচাত মানৱতাৰ মহাস্খলন, ঘোৰ স্বার্থপৰতাই ছানি ধৰিছে মানুহৰ সংকুচিত পৃথিৱীখন। তথাপিও বুজোনে? চেষ্টা কৰো নে প্রকৃত সুখৰ সূত্ৰ উদ্ঘাটন কৰিবলৈ? মনত শান্তি দিয়ে নে চকচকীয়া নোটে? নোটৰ আৰামী চকীত গুৰি কটা দৰে সংজ্ঞা বিহীন হৈ শুই পৰে এচামে শ্লীপিং টেবলেট খাই।অন্যহাতে, প্রতিপত্তিশীল সম্ভ্রান্ত পৰিয়ালৰ পিতৃ-মাতৃ হৈ পৰে বৃদ্ধাশ্ৰমৰ আলহী। এয়াই নেকি আধুনিক আপডেটেড সমাজ !এয়াই নেকি ধনৰ গৌৰৱ! তাৰোপৰি, সাম্প্রতিক লোভৰ বীজটো ফুলে-ফলে পূৰঠ হৈছে । এই যে লটাৰি খেলৰ যোগেদি। এতিয়া কেৱল এটা অজুহাত লাগে, এইবোৰ পতাৰ।আমাৰ হিৰা মুকুতা সদৃশ বুকুৰ কুটম্ব বিহু, উৰুকাকো বাদ দিয়া নাই। উৰুকাৰ নিশা এই ভাগ্য খেলৰ প্ৰতিযোগিতা আৰম্ভ হৈ যায়। জয়ী হলে হিৰো নহ’লে জিৰো। ঘৰত পিঠা-পনাৰ যোগাৰ দিব নোৱাৰিলেও লটাৰিৰ টিকটৰ পইচা আহি যায়। একাপ চাহ নোখুওৱা বন্ধুয়ে নিজৰ টকাৰে টিকট কাটি পকেটত ভৰাই দিয়ে। ই যে এক জুৱা । এই খেলৰ পৰিণতি কি আছিল আমি মহাভাৰতৰ পাত লুটিয়ালেই গম পাও। বিশাল অট্টালিকাত থকা লোকো হৈ পৰে ফুটপথৰ আলহী। ভাগ্য পৰীক্ষাই দুর্ভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়ে। এবাৰ এই নিচাত পৰা লোক দুনাই ওলাই আহিব নোৱাৰে ক্রমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে জীৱন।গতিকে, আমি ক’ব পাৰো যে, সমাজখন শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধতাৰে চলিবলৈ এইবোৰ অযুক্তিকৰ খেলবোৰ এৰাই চলাই উত্তম। এচাম এনেকৈ ডুব যায়, যে কোনো কালেই উলাই আহিব নোৱাৰে । অন্যান্য সুপ্ত প্রতিভা বিকাশক খেলবোৰ পাতক, নৱ প্রজন্মক আগুৱাই লৈ যাওক। নহ’লে আমাৰ ভৱিষ্যত সন্তানক কি শিক্ষা দিম? কেতিয়াবা বর্তমানৰ এই কর্মবোৰে অতীতৰ সেই সুমধুৰ স্মৃতিৰ দলিচাত আঘাত দিয়ে। কুকুৰা যুঁজ, শেন চৰাইৰ যুঁজ, নাওখেল, মাছধৰা ইতাদিলৈ মনত পেলাই। পৰম্পৰা যেন আধুনিকতাৰ অৱবাহিকাত উটি ভাহি যোৱাৰ উপক্রম।