লক্ষ্মী পূজা আৰু মোৰ শৈশৱ – স্বাগতা বৰুৱা গোস্বামী

pc EI samay

লক্ষ্মী পূজা আৰু মোৰ শৈশৱ

স্বাগতা বৰুৱা গোস্বামী

স্কুলত পঢ়ি থকা সময়ৰ কথা।সৰুৰে পৰাই পূজাৰ প্ৰতি আগ্ৰহী আছিলো।নতুন বছৰৰ কেলেণ্ডাৰ ওলোৱাৰ লগে লগে চাওঁ দূৰ্গাপূজা কেতিয়াৰ পৰা,লগে লগে মনটো কিবা এটা ভাল লাগি যায়‌।কাৰণ এফালে ফূৰ্তি লাগে বন্ধৰ কথা ভাবি, আনফালে ভাল লাগে পূজা চোৱাৰ কথা ভাবি।কিন্তু দূৰ্গা পূজাটো গুছি যোৱাৰ লগে লগে মনটো বিষাদেৰে ভৰি পৰে যদিও আমাৰ ঘৰত পতা লক্ষ্মী পূজা ভাগৰ কথা ভাবিলে আকৌ মনটো ভাল লাগি যায়।

আমাৰ দেউতাহঁত অতি সাধাৰণ পৰিয়ালৰ ঘৰৰ আছিল।বহু কষ্টেৰে নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ শিকিছিল।এবাৰ দেউতাৰ কিবা কাৰণত অলপমান পইচাৰ দৰকাৰ হৈছিল, কিন্তু ইমান পইচা পায় ক’ত?দেউতাই কি কৰো কি নকৰোকে ভাবি এটা লটাৰীটিকট ল’লে আৰু মনতে সংকল্প ল’লে যদি লটাৰী টিকটতোত পইচা কেইটা পায়,প্ৰতি বছৰে ঘৰত লক্ষ্মী পূজা পাতিব।লক্ষ্মী আইয়ে দেউতাৰ মনৰ আশা পূৰণ কৰিলে আৰু তেতিয়াৰ পৰা আমাৰ ঘৰত অতি ধুম- ধামেৰে এই পূজা প্ৰতি বছৰে অনুষ্ঠিত কৰা হ’ল।

মোৰ সৰু বৰদেউতাৰ ল’ৰা অনুজ আৰু মোৰ গাত পূজাৰ দিনা তৰণি নাথাকে।আমি দুয়ো প্ৰায় সমবয়সীয়া।আমি বাই-ভাইতকৈ বেছি বন্ধুৰ দৰেহে আছিলো।নিমন্ত্ৰীত আলহীৰ লিষ্ট বনোৱাৰ পৰা বজাৰলৈ যোৱালৈকে সকলোতে মাহঁততকৈ যেন আমাৰহে দায়িত্ব বেছি।সকলোতকৈ হাহিঁ তেতিয়াহে উঠে যেতিয়া আমি গোসাঁনী অনিবলৈ ঠেলাখনত উঠি যাওঁ।তেতিয়া আমাৰ লাজ,সংকোচ,ভয় একো নাথাকে।শুই উঠি ফুল তোলো,মালা গাঠো।আমাৰ ডাঙৰ বৰদেউতাৰ ল’ৰা চুমু দাৰ ভাগত থাকে মৰল বনোৱা,পূজাৰ ঠাইডোখৰ সজোৱা আৰু মানুহ মতা। অনুজ আৰু মই যেনিবা তাতো বাঢ়ৈটোকা ওলাই তাৰ কামটোতো সোমাই যাওঁ।সেইখিনি কৰাৰ পাছত গধুলি পূজাৰ বাবে সাজু হওঁ।নিমন্ত্ৰীত অতিথিক মাহতঁৰ লগতে আমিও আপ্যায়নত ব্যস্ত হৈ যাওঁ।কিন্তু এতিয়া ভাবিলে আচৰিত লাগে আমাকটো মাহঁতে এইবোৰ কাম কৰিবলৈ কেতিয়াও শিকোৱা নাছিল,কেনেকৈ যে দায়িত্ব লৈ এইবোৰ কাম কৰিবলৈ শিকিছিলো।

যিহেতুকে লক্ষ্মী পূজা গতিকে স্বামীৰ ঘৰখন,মানে এতিয়াৰ মোৰ ঘৰখন এৰি আহিবলৈ বেয়া লাগে।মই বিয়া হোৱাৰ পিছৰ পৰা মোৰ দায়িত্ব খিনি মোৰ ভাইটি দাদলিয়ে লোৱা হ’ল।কিন্তু গুৱাহাটীত কচিং ক্লাছ চলি থকাৰ বাবে এইবাৰৰ পূজাভাগত সি অনুপস্থিত।মাহতঁৰ অকলে অকলে কষ্ট হ’ব বুলি চিন্তা কৰি স্বামীৰ তাগিদাত কালি যোৰহাট পালোহি।কিন্তু সময়ৰ লগে লগে দায়িত্ববোৰো সলনি হ’ল।কালৰূপী ক’ৰনাৰ বাবে পূজাভাগ যোৱাবছৰৰ পৰা অনুস্থুপীয়াকৈহে পাতিছে।যিকি নহওঁক পূজাভাগ পাম বুলি মনটো ভাল লাগি আছে।শেষত আহিন মাহৰ পূৰ্ণিমা তিথিত আৰাধনা কৰা ধন ঐশ্বৰ্য ৰ অধিকাৰীণী দেৱী লক্ষ্মীয়ে সকলোকে যাতে কৃপা দৃষ্টি দিয়ে তাৰেই কামনাৰে শুভ লক্ষ্মী পূজা।