যোগ মহোৎসৱ ২০২৩ৰ জৰিয়তে আৰম্ভ হ’ল নৱম আন্তর্জাতিক যোগ দিৱসৰ ১০০ দিনৰ গণনা

যোগ মহোৎসৱ ২০২৩ৰ জৰিয়তে আৰম্ভ হ’ল নৱম আন্তর্জাতিক যোগ দিৱসৰ ১০০ দিনৰ গণনা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত যোগ মহোৎসৱ ২০২৩ৰ শুভ উদ্বোধন কৰে। অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তর্জাতিক যোগ দিৱসৰ ১০০ দিনৰ গণনা এই অনুষ্ঠানৰ জৰিয়তেই আৰম্ভ হৈছে। স্বাস্থ্যবান আৰু সুস্থ মানৱজাতি গঢ়ি তোলাৰ দিশত ভাৰতীয় ঐতিহ্য-সংস্কৃতিৰ এই বিস্ময়কৰ কলা সম্পর্কে সজাগতা আৰু জনপ্ৰিয়তা সৃষ্টিৰ ক্ষেত্ৰত আন্তর্জাতিক যোগ দিৱস উদযাপনৰ ভূমিকাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি আলোকপাত কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে | কয়, “যোগৰ ব্যাপক গ্রহণযোগ্যতাই ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সুস্থ-সবল জীৱনশৈলীৰ সন্ধান দিচ্ছে। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতে বহনক্ষম আৰু সামগ্রিক বিকাশৰ প্ৰসাৰৰ দিশত সচেতন প্রচেষ্টা চলাই আছে। ভাৰতে এই বছৰৰ বাবে সন্মানীয় জি-২০ৰ সভাপতিত্ব কৰাৰো সুযোগ পাইছে। ভাৰতে ‘বসুধৈৱ কুটুম্বকম্‌’ৰ মূল বিশ্বাসক সাৰোগত কৰি মানৱ সমাজৰ কল্যাণৰ হকে সুফলদায়ক চিন্তা-চৰ্চা আৰু সময়োচিত পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ সমৃদ্ধ ঐতিহ্য আৰু প্ৰাচীন সভ্যতাৰ এক অনন্য নিদর্শন যোগে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বছৰো কেন্দ্ৰীয় বিভিন্ন মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু বিভিন্ন যোগ সংস্থাৰ সহযোগত উলহ-মালহেৰে যোগ দিৱস উদযাপন কৰা হ’ব। তদুপৰি, দেশৰ ক’ৰ্পৰেটসমূহকো আহ্বান জনাই সর্বানন্দ সোণোৱালে কয়, “২০১৪ চনৰ পৰা মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত ভাৰতে যোগ আৰু অন্যান্য পৰম্পৰাগত ঔষধৰ বাবে শক্তিশালী পৰিৱেশ গঢ় দিছে। আজি আমি এনে এক পৰ্যায়ত উপনীত হৈছোঁহি যত স্বাস্থ্যকৰ জীৱনশৈলীৰ ক্ষেত্ৰত যোগ এক বিশ্বব্যাপী প্ৰৱণতা আৰু অত্যাৱশ্যকীয় অনুশীলনত পৰিণত হৈছে। কৰ্পৰেট ইণ্ডিয়ায়ো যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব। মই সকলো ক’ পৰেট হাউছক তেওঁলোকৰ কর্মক্ষেত্ৰত ‘যোগ কোষ’ স্থাপন কৰিবলৈ আহ্বান জনাইছোঁ, যাতে কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰতে যোগৰ সুবিধা লাভ কৰিব পাৰে। ই ভাৰতৰ কৰ্মচাৰীসকলক উজ্জীৱিত কৰাই নহয়, লগতে তেওঁলোকৰ দক্ষতা অনুকূলিত কৰাতো সহায় কৰিব।” জনসাধাৰণৰ জীৱনশৈলীত যোগক এক অভিন্ন অংগ হিচাপে পৰিগণিত কৰাবলৈ “ৱাই-ব্রেক” এপত এক মিনিটৰ সুফলদায়ক ভিডিঅ’ মুকলি কৰে আয়ুষ মন্ত্ৰীগৰাকীয়ে। যোগৰ প্ৰতি অধিক যুৱক-যুৱতীক আকৰ্ষিত কৰাৰ বাবে যোগ সম্পৰ্কীয় বিভিন্ন কাৰ্যক্ৰম আৰু প্ৰতিযোগিতা মাইগড় প্লেটফৰ্মত আৰম্ভ কৰাৰ প্ৰস্তাব দিয়া হৈছে। তদুপৰি, আন্তর্জাতিক যোগ দিৱসৰ কাউন্টডাউনৰ অংশ হিচাপে এই বছৰ আৰু অনেক কার্যকলাপ অনুষ্ঠিত কৰা হ’ব ।যোগ মহোৎসৱৰ এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে কেন্দ্রীয় সংস্কৃতি, পর্যটন আৰু ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী; মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেন সিং; কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখি; কেন্দ্রীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই; আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু অন্যান্য বিষয়াসকল। অনুষ্ঠানটোত বাংগালুৰুৰ এছব্যাসা বিশ্ববিদ্যালয়ৰ উপাচার্য ড. এইচ আৰ নগেন্দ্ৰ, ৰাজস্থানৰ তেৰাপন্থ সমাজৰ মুনিশ্ৰী কমল কুমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীট হিমা দাস, যোগ বিশেষজ্ঞ, যোগ গুৰু, যোগ অনুশীলনকাৰী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকলেও অংশগ্ৰহণ কৰে। আয়ুষ মন্ত্ৰালয়ে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সহযোগত ১৩ আৰু ১৪ মাৰ্চত নতুন দিল্লীৰ তালকাটোৰা ইণ্ডোৰ ষ্টেডিয়ামত আৰু ১৫ মাৰ্চ তাৰিখে উক্ত প্ৰতিষ্ঠানত যোগ কৰ্মশালাৰ আয়োজন কৰিছে।