আপৰ দুই ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয় আহিব গুৱাহাটীলৈ 

আপৰ দুই ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয় আহিব গুৱাহাটীলৈ 

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিৰোধীৰ দুৰ্বল ভূমিকাৰ মাজতে আম আদমি পার্টীয়ে অঞ্চলটোত এক শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এই প্ৰেক্ষাপটত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অনুৰোধমৰ্মে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ডাঙৰীয়া অহা ২ এপ্ৰিলত গুৱাহাটীলৈ আহিব। অসমৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপ, উচ্চস্বৰীয় দুর্নীতি তথা সা-সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে অসমৰ জনতাই বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে যদিও তেওঁলোকে বিকল্প বিচাৰি পোৱা নাই। সেয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আম আদমি পার্টীয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিবলৈ আগ বাঢ়ি আহিছে। দিল্লীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা আম আদমি পার্টী একমাত্ৰ ৰাজনৈতিক দল যিয়ে ভৱিষ্যত প্ৰজন্মক বিশ্ব মানৰ শিক্ষা প্ৰদান কৰি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে। অসমৰ যিসকল লোকে শিক্ষা খণ্ডৰ আমোলা পৰিৱৰ্তনৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ অক্ষত উন্নয়ন বিচাৰে, তেওঁলোকে সামগ্রিকভাৱে আম আদমি পার্টীক সমৰ্থন কৰিবলৈ আৰু বিশেষভাৱে অহা ২ এপ্ৰিলৰ অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মান ডাঙৰীয়াৰ কাৰ্যসূচীত সহযোগিতা কৰিবলৈ আপ, অসমে বিনয়েৰে অসমবাসীক আহ্বান জনায়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফেচিবাদে অসমৰ দৰিদ্ৰ জনতাক জ্বলা-ক’লা খুৱাইছে। লগতে প্ৰশাসনক অপব্যৱহাৰ কৰি দুখীয়াৰ ঘৰ বুলডজাৰেৰে ভাঙি, অভিযুক্তক এনকাউন্টাৰ কৰি হত্যা কৰাৰ দৰে চৰকাৰখনৰ অমানৱীয় কামে জনতাক অতিষ্ঠ কৰি তুলিছে। চূড়ান্ত সততা, চূড়ান্ত দেশপ্ৰেম আৰু চূড়ান্ত মানৱতাক মূল আদর্শ হিচাপে গ্ৰহণ কৰা আম আদমি পাৰ্টীয়ে জনতাৰ এনে দুঃসময়ত জনতাৰ লগত আছে আৰু চৰকাৰৰ এনে স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে আম আদমি পার্টীয়ে সদায় মাত মাতি যাব। ৰাজ্যৰ শিক্ষা, স্বাস্থ্য খণ্ড আৰু সামগ্রিক উন্নয়নৰ বাবে আম আদমি পার্টী প্রতিশ্রুতিবদ্ধ।  এক সংবাদমেল যোগে এই বাৰ্তা প্ৰেৰণ কৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডা. ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শর্মা ডাঙৰীয়াই। সংবাদমেলত ৰাজ্যিক বিষয়ববীয়াসকলো উপস্থিত থাকে।