শিশু কবিতা
যান-বাহন
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
সাৱধান, সাৱধান
বৰ সাৱধান,
যান-বাহন চলাৰ ক্ষণত
হ’বা সাৱধান।
সোঁফাল বাওঁফাল
সন্মুখৰ ফাল,
খোজকাঢ়ি যাওতে
ল’বা বাওঁফাল।
দেখিছানে ট্ৰেফিক লাইট
বৰ মজা লাগে,
ৰাস্তাবোৰ পাৰ হওতে
যাবা লগে-ভাগে।
ৰঙা লাইট জ্বলিলে
অলপ সময় ৰ’বা,
হালধীয়া লাইট জ্বলিলে
গমি-পিটি চাবা।
যানজঁটৰ সময়ত
সতৰ্ক হ’বা,
সেউজীয়া লাইট জ্বলিলে
আগবাঢ়ি যাবা।
সাৱধান, সাৱধান
বৰ সাৱধান,
যান-বাহন চলাৰ ক্ষণত
হ’বা সাৱধান।