মৈৰাবাৰী কলেজৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সূৰুজ আলীৰ দেহাৱসান

মৈৰাবাৰী কলেজৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সূৰুজ আলীৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট কবি তথা সাহিত্যিক এহিয়া আহমেদৰ পিতৃ মৈৰাবাৰী কলেজৰ প্ৰতিষ্ঠাপক-অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সূৰুজ আলী চাহাবৰ দেহাৱসান ঘটিছে। আজি নিশা ১ বাজি ৪১ মিনিটত তেখেতে বৰথল কছাৰীগাঁওস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেখেত বৃক্কজনিত ৰোগত অসুস্থ হৈ আছিল। গুৱাহাটীস্থিত এপ’লো হস্পিটেলত তেখেতৰ চিকিৎসাধীন হৈ আছিল। তেখেতৰ কৰ্মজীৱনৰ সততা, নিয়মানুৱৰ্তীতা, দায়িত্বশীলতা, আৰু সুস্থ মানসিকতাই কলেজখনত সুস্থ পৰিবেশ গঢ়ি উঠিছিল। হাস্যৰসৰ ভৰালৰ অধিকাৰী বিভিন্ন হাস্যমধুৰ কথাৰে তেখেতে গুণমুগ্ধ সকলক হাঁহিৰ খোৰাক যোগাইছিল। তেখেত বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সকলোৰে অতি প্ৰিয় আছিল। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ মৈৰাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে। তেখেতৰ জানাজাৰ নামাজ আজি জুমআ’ৰ নামাজৰ পাছত উত্তৰ বৰথল দলৈগাঁও জামে মছজিদ প্ৰাংগণত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। উল্লেখ্য যে তেখেত ১৯৮১ চনত মৈৰাবাৰী কলেজ প্ৰতিষ্ঠাৰে পৰা সুদীৰ্ঘ দুকুৰি বছৰ কলেজখনত কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াই ২০২১ চনত অৱসৰ গ্ৰহণ কৰিছিল।