মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ সম্পন্ন

মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ সম্পন্ন

এহিয়া আহমেদ, মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আজি আবেলিপৰত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত সম্পন্ন হৈ যায়। বিশিষ্ট কবি, লেখক মুহাম্মাদ আফজালৰ সঞ্চালনাত অনুষ্ঠিত এই ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে খাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী, কবি, লেখক খাইৰুল ইছলামে। স্বৰচিত কবিতা পাঠৰ লগতে গীত পৰিৱেশন আৰু কবিতা আবৃত্তিৰে অনুষ্ঠানটি জীপাল কৰি তোলে বিশিষ্ট কবি, শিক্ষক ক্ৰমে ফকৰুল হক আৰু জিন্নাতুল ইছলাম, কবি-লেখক খাইৰুল ইছলাম, কবি আশ্ৰাফুল হক আৰু সঞ্চালক মুহাম্মাদ আফজালে। তদুপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী মুহাম্মাদ ফাহিম, মাহীন চুলতানা আৰু কণমানি শিশু আয়ানা ছনমে গীত আৰু কবিতা আবৃত্তি কৰি উপস্থিত সকলোকে বিমুগ্ধ কৰে। পঠিত কবিতাসমূহৰ চমু পৰ্যালোচনা আগবঢ়ায় শিক্ষক তথা সমাজ কৰ্মী জহিৰুল ইছলামে। স্মৰ্তব্য যে তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।