মুখ্য ন্যায়াধীশ এন ভি ৰামনা ন্যায়িক ব্যৱস্থাত মহিলাৰ ৫০শতাংশ সংৰক্ষণৰ পক্ষত

pc- The Indian Express

মুখ্য ন্যায়াধীশ এন ভি ৰামনা ন্যায়িক ব্যৱস্থাত মহিলাৰ ৫০শতাংশ সংৰক্ষণৰ পক্ষত

অনলাইন বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনা ন্যায়িক ব্যৱস্থাত সকলো পর্যায়তে মহিলাৰ ৫০শতাংশ সংৰক্ষণৰ পক্ষত। উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তাৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত চি জে আই এন ভি ৰামনাই অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰাৰ লগতে দেশৰ সকলো আইন মহাবিদ্যালয়ত মহিলাৰ কাৰণে আসন সংৰক্ষণৰো পোষকতা কৰে।ন্যায়িক ব্যৱস্থাত ৩০ শতাংশতকৈও কম মহিলাৰ নতুন প্রতিনিধি। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহত মহিলাৰ প্রতিনিধি মাত্র ১১-১২ শতাংশহে। চি জে আই ৰামানাই কয় যে— দেশজুৰি ৬ হাজাৰ আদালত আছে। ইয়াৰে ২০ শতাংশত মহিলাৰ কাৰণে পৃথক টয়লেটৰ ব্যৱস্থা নাই। যাৰ পৰিণতিত মহিলা বিষয়াসকলে সমস্যাৰ সন্মুখীন হৈ আছে। আন্তঃগাঁথনিৰ অভাৱৰ বাবেই মহিলাৰ সমস্যা সমাধানত বাধা হৈ আছে।