মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰুনা বৰাৰ ঘৰ পালেগৈ দৰঙৰ জিলা উপায়ুক্ত

Pc The Janambhumi

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰুনা বৰাৰ ঘৰ পালেগৈ দৰঙৰ জিলা উপায়ুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মঙলদৈৰ বিশেষ ভাৱে সক্ষম ছাত্ৰী ৰুনা বৰাৰ ঘৰত উপস্থিত মঙলদৈৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা।দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰবিবাৰে মঙলদৈ স্থিত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰিবলৈ অহাৰ সময়ত মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ বিশেষ ভাৱে সক্ষম ছাত্ৰী ৰুনা বৰাই সভাস্থলীতে মুখ্যমন্ত্ৰীক এটা বাসগৃহৰ বাবে অনুৰোধ জনাইছিল।লগে লগে মুখ্যমন্ত্ৰীয়ে এটি বাসগৃহৰ ব্যৱস্থা কৰি দিবলৈ উপায়ুক্তক নিৰ্দেশ দিছিল।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই আজি ৰুনা বৰাৰ ঘৰ পালেগৈ দৰঙৰ জিলা উপায়ুক্তৰ লগতে গাঁও পঞ্চায়তৰ সচিব আৰু সভাপতি তথা কাৰ্যবাহী অভিযন্তা।ৰুনাক ঘৰ সাজি দিয়াৰ বাবে সকলো ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি মঙলদৈৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ।ইয়াৰোপৰি ৰুনা বিশেষভাৱে সক্ষম হোৱাৰ হেতুকে সমাজ কল্যাণ” বিভাগৰ দ্বাৰা পাব লগীয়া সা-সুবিধা সমূহ লাভ কৰিছে নে নাই তাকো জিলা সমাজ কল্যাণ বিভাগৰ সৈতে আলোচনা কৰি উপায়ুক্তই তাৎক্ষণিকভাৱে তদন্ত কৰে।