মিতালী ৰাজ আই চি চি ৰ ৰেংকিঙত পুনৰ শীৰ্ষত

pc-India Tv News

মিতালী ৰাজ আই চি চি ৰ ৰেংকিঙত পুনৰ শীৰ্ষত

অনলাইন বাৰ্ত্তাসেৱা– ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজ আই চি চিৰ এদিনীয়াৰ বেটিঙৰ ৰেংকিং তালিকাত পুনৰ শীৰ্ষস্থানত। ৱেষ্ট ইণ্ডিজৰ ষ্টেফানী টেইলৰে মিতালীক অতিক্ৰম কৰি বেটছমেনৰ ৰেংকিং তালিকাত শীৰ্ষস্থানত উপৱিষ্ট হৈছিল যদিও মিতালীয়ে ষ্টেফানীক অতিক্ৰম কৰি পুনৰ শীৰ্ষ স্থান অধিকাৰ কৰে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য স্মৃতি মান্ধানাই টি-২০ বেটছমেনৰ ৰেংকিঙত তৃতীয় স্থানত আছে। বলিঙৰ ক্ষেত্ৰত অভিজ্ঞ বলাৰ ঝুলন গোস্বামী পঞ্চম স্থানত থকাৰ বিপৰীতে অলৰাউণ্ডাৰৰ শীৰ্ষৰ দহত প্ৰৱেশ কৰিছে দীপ্তি শৰ্মাই।

(R.T)