মিঞা পৰিষদৰ সাধাৰণ সম্পাদক-সভাপতিসহ মুঠ ৩ জন ব্যক্তিক আটক

মিঞা পৰিষদৰ সাধাৰণ সম্পাদক-সভাপতিসহ মুঠ ৩ জন ব্যক্তিক আটক

ৰঙিলী বাৰ্ত্তাসেৱা-  গোৱালপাৰাত মিঞা মিউজিয়ামটো স্থাপন হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি তুমুল বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । শেহতীয়াকৈ, গোৱালপাৰা প্ৰশাসনৰ তৎপৰতাত অবৈধভাৱে নিৰ্মাণ কৰা মিঞা মিউজিয়ামটো ছীল কৰি দিয়া হয়। তাৰপিছতেই, মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, মিঞা আব্দুল বাতেন শ্বেখক গৌৰীপুৰৰ আলমগঞ্জৰ পৰা আটক কৰে আৰক্ষীয়ে। খবৰ অনুুসৰি, লক্ষীপুৰৰ মিঞা মিউজিয়াম উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মিঞা আব্দুল বাতেন শ্বেখ। আব্দুল বাতেন শ্বেখ হ’ল ধুবুৰীৰ বি এন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। আনহাতে, পৰিষদৰ সভাপতি গোৱালপাৰাৰ মোহৰ আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, কিছুসময় পূৰ্বে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে এক টুইটযোগে জনোৱা অনুসৰি, গোৱালপাৰাৰ মোহৰ আলী আৰু ধুবুৰীৰ আব্দুল বাতেনক ঘগ্ৰাপাৰা থানাত ৰুজু গোচৰৰ অধীনত আটক কৰা হৈছে।তদুপৰি, জি পি সিঙে উল্লেখ কৰা অনুসৰি, আলকায়দা আৰু বাংলাদেশৰ মৌলবাদী সংগঠন আনচাৰউল্লাহৰ সৈতে পৰিষদৰ সম্পৰ্ক সন্দৰ্ভতো অনুসন্ধান তথা জেৰা কৰা হ’ব ব্যক্তি দুজনক।