মিছন বসুন্ধৰাৰ অধীনত ৮৮ হাজাৰৰো অধিক আবেদন দাখিল 

Pc- assam career

মিছন বসুন্ধৰাৰ অধীনত ৮৮ হাজাৰৰো অধিক আবেদন দাখিল 

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমত মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় বিষয় নিষ্পত্তিৰ বাবে এই পর্যন্ত ৮৮ হাজাৰৰো অধিক আবেদন দাখিল কৰা হৈছে। এই আৱেদনসমূহ অহা বছৰৰ ১০ মে’ৰ পূৰ্বে সম্পূৰ্ণ ৰূপে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ’ব। জনসাধাৰণৰ বাবে যোৱা ২ অক্টোবৰৰ পৰা এই অভিযানৰ অধীনত বসুন্ধৰা পৰ্টেল মুকলি কৰা হৈছে আৰু এই পৰ্টেলৰ যোগেদি ৩০ নৱেম্বৰ পর্যন্ত ৰাইজে ভূমি সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে আবেদন কৰিব পাৰিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কালি প্ৰচাৰ কৰা ৰাজহ বিভাগৰ সজাগতা সন্দৰ্ভত ‘ভূ-প্রজ্ঞা’ শীর্ষক অনুষ্ঠানত মিছন বসুন্ধৰা বিষয়ত অংশ লৈ ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ সচিব অমিতাভ ৰাজখোৱাই এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকি অসম জৰীপ আৰু বন্দবস্তী প্রশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তী আৰু ৰাজহ তথা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব আনন্দ কুমাৰ দাসে কয় যে ভূমি সম্পর্কীয় সজাগতা অত্যন্ত জৰুৰী। এই সন্দৰ্ভত ৰাইজক সজাগ আৰু অৱগত কৰিবলৈ ‘ভূ-প্রজ্ঞা’ অনুষ্ঠানটির আয়োজন কৰা হৈছে বুলি শ্রীচক্রবর্তীয়ে জানিবলৈ দিয়ে। বসুন্ধৰা অভিযানৰ অধীনত সম্প্রতি ২৭ খন জিলাক সামৰি লোৱা হৈছে আৰু ৰাইজৰ এই সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ দিহা কৰা হৈছে। এই মিছনৰ অধীনত কাৰ্বি আংলং, ডিমা হাছাও আৰু বি টি আৰ জিলাকেইখন অন্তর্ভুক্ত হোৱা নাই বুলিও সমল ব্যক্তিসকলে জানিবলৈ দিয়ে। শ্ৰোতাৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে লগতে কয় যে এগৰাকী ব্যক্তিয়ে কেনেধৰণৰ ভূমিত বসবাস কৰি আছে তথা ইয়াৰ স্বতাধিকাৰ সম্পৰ্কীয় তথ্য সবিশেষ জনাটো অত্যন্ত প্রয়োজনীয়। এই ক্ষেত্ৰত কিছু অৱহেলা বা অজ্ঞতাৰ বাবে মধ্যভোগীয়ে সুবিধা গ্ৰহণ কৰে বুলিও তেওঁলোকে জানিবলৈ দিয়ে। মিছন বসুন্ধৰাৰ অধীনত সম্পূর্ণ বিনামূলীয়াকৈ ভূমি সম্পৰ্কীয় সমস্যাৰ সমাধান বিচাৰিব পাৰে বুলি তেওঁলোকে প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা সপ্তাহত প্ৰচাৰ হ’বলগীয়া এই অনুষ্ঠানত ভূমি, ৰাজহ আৰু জনসাধাৰণৰ অংশগ্রহণ শীর্ষক বিষয়ত ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া নজৰুল ইছলাম সমল ব্যক্তি হিচাপে উপস্থিত থাকিব।