মানব অধিকাৰ সংগ্ৰাম সমিতিৰ ‘ মাছ ‘ ৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

মানব অধিকাৰ সংগ্ৰাম সমিতিৰ ‘ মাছ ‘ ৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত ‘ মাছৰ ‘ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত জ্যোতিনগৰস্থিত মাছৰ কেন্দ্ৰীয় কাৰ্য্যালয় প্ৰাংগনত পতাকা উত্তোলন কৰে ‘ মাছৰ ‘ অধ্যক্ষ আদিত্য লহকৰে আৰু ছহিদ তৰ্পণ কৰে জাতীয় ছহিদ মণিৰাম বৰুৱাৰ পত্নী ৰাধা বৰুৱাই । দিনৰ ১১.৩০ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত মানব অধিকাৰ সম্পৰ্কত হোৱা এক আলোচনা চক্ৰ পৰিচালনা কৰে অধ্যক্ষ আদিত্য লহকৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই । আলোচনা উদ্ধোধন কৰি মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা সাংসদ অজিত কুমাৰ ভূঞাই মাছৰ দুখৰ সময়ৰ পৰিস্থিতি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ তুলনামূলক পৰ্যালোচনা কৰি কয় যে এতিয়াও বিভিন্ন প্ৰকাৰে হৈ থকা মানব অধিকাৰ উলঙ্ঘন তথা বাক স্বাধীনতা হৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা উল্লেখ কৰে । আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিত মাছৰ তথ্য সংগ্ৰহ আৰু voice of mass ৰ দৰে প্ৰকাশন সমূহে সমগ্ৰ বিশ্বতে অসমৰ গুৰুতৰ মানব অধিকাৰ উলঙ্ঘনৰ ছবিখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰে । তাৰোপৰি তেওঁ কয় যে বৰ্তমানেও আলফালৈ গৈ থকা সকল যাতে আৱেগৰ বশৱৰ্তী হৈ আলফালৈ নাযায় । সভাত আলফাৰ উপ সভাপতি প্ৰদীপ গগৈ, জাতীয় বীৰ শ্ছহিদ পৰাগ কুমাৰ দাসৰ পত্নী পূৰবী দাস,অসম জাতীয়তবাদী যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰী, মাছৰ প্ৰাক্তন সচিব প্ৰধান প্ৰণৱ চেতিয়া , মাছৰ উপদেষ্টা কমল বৰা,উপ সভাপতি লক্ষী ভূঞা,বিত্ত সচিব বোঠেন বৰা, ৰিন্টো শৰ্মা,ভবমনি শইকীয়াকে আদি কৰি প্ৰায় ৪৫ গৰাকী মান ব্যক্তি উপস্থিত থাকে৷