মাজুলীৰ ’পুথিভঁৰাল বৰ্ণবাক্ আৰু আত্মবীক্ষণ মঞ্চ’ত ’আমাৰো সপোন আছে’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি মাজুলীৰ ভালুকমৰা গাওঁ স্থিত ’পুথিভঁৰাল বৰ্ণবাক্ আৰু আত্মবীক্ষণ মঞ্চ’ত আজি ’আমাৰো সপোন আছে’ শীৰ্ষক এক ব্যতিক্ৰমী প্ৰেৰণাদায়ক অনুষ্ঠান অনুষ্ঠিত হয় ৷ অৱসৰপ্ৰাপ্ত শিক্ষক গুণ শইকীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিজ্ঞানী , আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেন্দেৰবিল্ট্ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ জাহ্নু শইকীয়া ৷ অনুষ্ঠানটিত ড০ জাহ্নু শইকীয়াই বৈজ্ঞানিক মানসিকতাৰ ওপৰত বিশদভাৱে বক্তব্য আগবঢ়োৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ বহুতো প্ৰশ্নৰ উত্তৰ দিয়ে ৷ ’পুথিভঁৰাল বৰ্ণবাক্ আৰু আত্মবীক্ষণ মঞ্চ’ৰ সঞ্চালক যতীন্দ্ৰনাথ মুদৈয়ে পৰিচালনা কৰা অনুষ্ঠানটিত তিনি কুৰিৰো আধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই জোনাকী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিপুল কুমাৰ বৰুৱাই ৷ অনুষ্ঠানটিত বিশিষ্ট ছাত্ৰী হিচাপে অংশগ্ৰহণ কৰে মেধাৱী ছাত্ৰী বৃষ্টি ৰাণী শইকীয়াই ৷ অনুষ্ঠানত বক্তব্য আগবঢ়াই শিক্ষক অজিত মুক্তিয়াৰ , বসন্ত কুমাৰ শইকীয়া , সাংবাদিক বিকাশ শইকীয়া , কবিতা বৰা মুদৈ , কৃষক সুমন্ত বৰুৱা আদি ব্যক্তিসকলে ৷