মহিলাৰ বিশ্ব মল্লযুঁজ প্রতিযোগিতাত বিজয়ী খেলুৱৈসকলক অভিনন্দন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Pc- social news XYZ

মহিলাৰ বিশ্ব মল্লযুঁজ প্রতিযোগিতাত বিজয়ী খেলুৱৈসকলক অভিনন্দন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চার্বিয়াৰ বেলগ্ৰেডত অলপতে অনুষ্ঠিত ২৩ বছৰ অনুৰ্দ্ধৰ মহিলাৰ বিশ্ব মল্লযুঁজ প্রতিযোগিতাত বিজয়ী হোৱা ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে। প্রতিযোগিতাখনত পদক লাভ কৰা শিৱানী, অঞ্জু, দিব্যা, ৰাধিকা আৰু নিছাক অভিনন্দন জনাই প্রধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ প্রদর্শন অত্যন্ত আকর্ষণীয় আছিল। এই খেলুৱৈসকলে ভাৰতীয় মল্লযুঁজৰ ক্ষেত্ৰখনলৈ অধিক অৱদান যোগাবলৈ সমৰ্থ হ’ব বুলিও শ্রীমোডীয়ে আশা প্রকাশ কৰে। ভাৰতে এইবাৰ প্ৰতিযোগিতাখনত এই পর্যন্ত সর্বাধিক সংখ্যক পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। শ্রীমোডীয়ে পোলেণ্ডত হৈ যোৱা প্ৰেছিডেণ্টছ কাপ আন্তর্জাতিক শ্বুটিং প্রতিযোগিতাত পদক লাভ কৰা মানু ভাখাৰ, ৰাহী স্বর্ণোবট অলী, সৌৰভ চৌধুৰী আৰু অভিষেক বার্মাকো অভিনন্দন জনায়। তেওঁ কয় যে তেওঁলোকৰ প্ৰদৰ্শনত সমগ্ৰ ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। মল্লযুঁজ প্রতিযোগিতা আৰু প্ৰেছিডেণ্টছ কাপ আন্তর্জাতিক শ্বুটিং প্রতিযোগিতাৰ বিজয়ীসকলক কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী অনুৰাগ ঠাকুৰেও অভিনন্দন জনাইছে।