কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ উলংগ হৈ ফটো শ্বুট

Pc- BBC

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ উলংগ হৈ ফটো শ্বুট

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব বিখ্যাত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উলংগ হৈ উঠিলে ফটো।উলংগ হৈ ফটো উঠাসকলৰ ভিতৰত আছে বিশ্ববিদ্যালয় খনৰ বহু সম্ভৱনাপূৰ্ণ খেলুৱৈ।বিশ্ববিদ্যালয় খনৰ গ্ৰেণ্ডচেষ্টাৰ মিডোছত সকলোৱে দেখাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলে উলংঘ হৈ ফটো শ্বুটৰ বাবে প’জ দিয়ে। ছাত্ৰী-ছাত্ৰীসকলে উলংগ হৈ উঠা ফটোসমূহকলৈ প্ৰস্তুত কৰা হ’ব এখন কেলেণ্ডাৰ।কেলেণ্ডাৰখন বজাৰত বিক্ৰীৰ বাবে মুকলি কৰা হ’ব।উল্লেখ্য যে,কেলেণ্ডাৰ খন বিক্ৰী কৰি যি ধন পোৱা যাব সেই ধন এটা মহৎ উদ্দেশ্যত ব্যৱহাৰ কৰা হ’ব।গৃহহাৰা লোক,কৰ্কট ৰোগত আক্ৰান্ত কিশোৰ-কিশোৰী, পৰিবেশ সুৰক্ষা আদিৰ দৰে মহান কামসমূহত কেলেণ্ডাৰখন বিক্ৰী কৰি পোৱা ধন ব্যয় কৰা হ’ব।