মডেল ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা শ্ৰমিক যোছেফ মাৰাকৰ মৃত্যু

মডেল ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা শ্ৰমিক যোছেফ মাৰাকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  সুৰামত্ত মডেল ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা শ্ৰমিক যোছেফ মাৰাকৰ মৃত্যু।অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।বুধবাৰে পুৱা ১০ বজাত মৃত্যু হয় যোছেফৰ।সুৰামত্ত অৱস্থাত গাড়ী চলোৱা ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োটা ভৰি হেৰুৱাইছিল শ্ৰমিকজনে।১ অক্টোবৰৰ পুৱতি নিশা ৰুক্মিণীগাঁৱত সংঘটিত হৈছিল দুৰ্ঘটনা।১ অক্টোবৰৰ পৰা জি এম চি এইছত চিকিৎসাধীন হৈ আছিল যোছেফ মাৰাক।মেঘালয়ৰ গাৰোপাহাৰৰ যোছেফ আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী।তেওঁক কৃত্ৰিম ভৰি সংৰোপণৰ বাবে চৰকাৰে লৈছিল দায়িত্ব।কিন্তু সকলোকে হতাশ কৰি অৱশেষত জি এম এইছত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।