বিভ্ৰান্তিৰ অন্তহীন বেদনা – যমুনা দুলু বৈশ্য

Pc Medium

বিভ্ৰান্তিৰ অন্তহীন বেদনা

যমুনা দুলু বৈশ্য,শুৱালকুছি

তুলিকাৰে ৰাঙলী কৰা
হৃদয়ৰ আকোঁৰগোজ
কবলত গুজি দিয়া জীৱন্ত
তেজ-মঙহৰ এখন বাস্তৱ ছবি
মানৱতাৰ স্পন্দনত অৱক্ষয় ,
দয়া আৰু ক্ষমাৰ বিষাদগ্ৰস্তৰ
মানুহে মানুহৰ নিষ্ঠুৰ পৰিহাস ,
নীতি শিক্ষাৰ পাঠবোৰ
ক’ত হেৰাল।
শিক্ষা থাকিলেও যদি ঈৰ্ষাৰ আশ্ৰয় লয় ,
জীৱনৰ সুখটোকে বিচাৰে
দুখৰ ৰাতিৰ হৃদয়ৰ হাহাকাৰবোৰ নুশুনে –!
চৰিত্ৰবোধৰ নীতি জ্ঞান নলয় ,
কেনেকৈ কৰিব তেওঁ মানৱতাক সমজ্ঞান।
শিকলিৰে বন্ধা বিশ্বাসবোৰ এদিন হেৰাই নাযাবনে –?
সমাজত বিভেদৰ প্ৰাচীৰ অন্তহীন
যোগ-বিয়োগৰ হিচাববোৰ —
উকা হৈ পৰে ,এবুকু আন্ধাৰ সাৱটি
নিমিষতে সপোনৰ প্ৰতিশ্ৰুতিৰ
থকা-সৰকাকৈ ভাঙে তচ্‌নচ্‌কৈ
পোৱা-নোপোৱাৰ বাটে , বিষাদত,
দুচকুত আঁকে স্বপ্ন ৰূপে —
সমস্যা জৰ্জৰিত , গোপনে বিচাৰে
প্ৰত্যাহ্বান ।